অসম

assam

By

Published : Oct 13, 2020, 11:46 AM IST

ETV Bharat / international

ক'ভিড-19 ৰ ভেকচিন পৰীক্ষা অস্পষ্ট ৰোগীৰ ক্ষেত্ৰত সামূহিকভাৱে স্থগিত

COVID-19 ভেকছিনৰ পৰীক্ষা অস্পষ্ট ৰোগীৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৷ জনছন নামৰ কোম্পানীটোৰ পৰীক্ষা স্থগিত ৷ যিটো সংস্থাৰ ভাইৰাছ পৰীক্ষণ কৰিবলৈ 60,000 স্বেচ্ছাসেৱকক নামভৰ্তি কৰাৰ লক্ষ্য আছিল ।

2nd COVID-19 vaccine trial paused over unexplained illness
ক'ভিড-19 ৰ ভেকচিন পৰীক্ষা অস্পষ্ট ৰোগীৰ ক্ষেত্ৰত সামূহিকভাৱে স্থগিত

নিউজ ডেস্ক, 13 অক্টোবৰ : জনছন নামৰ কোম্পানীটোৱে COVID-19 ভেকছিনৰ পৰীক্ষা অস্পষ্ট ৰোগীৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত কৰি দিছে ৷ কোম্পানীটোৱে সোমবাৰে সন্ধিয়া এক বিবৃতিত প্ৰকাশ কৰি কয় যে, ৰোগ, দুৰ্ঘটনা আৰু অন্যান্য এনে প্ৰতিকূল ঘটনা যি অধ্যয়নৰ এক প্ৰত্যাশিত অংশ; কিন্তু ইয়াৰ চিকিৎসক আৰু সুৰক্ষা নিৰীক্ষণ ৰোগটো কি হ'ব পাৰে কোম্পানীটোৱে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিব ।

একেদৰে, চিকিৎসা অধ্যয়নৰ ঔষধৰ পৰীক্ষণত কম লোকক ৰাজহুৱা কৰা হয় ৷ কিন্তু কৰ'ণা ভাইৰাছৰ ভেকছিন তৈয়াৰ কৰাৰ কামে এই ধৰণৰ জটিলতাৰ ওপৰত অংশীদাৰী হৈছে বুলি কোম্পানীটোৱে প্ৰকাশ কৰে ।

উল্লেখ্য যে, ঔষধ পৰীক্ষাৰ সময়ত হোৱা যিকোনো গুৰুতৰ বা অপ্ৰত্যাশিত প্ৰতিক্ৰিয়াৰ বিষয়ে কোম্পানীবোৰে অনুসন্ধান কৰিব লাগিব । এনে পৰীক্ষা দহ সহশ্ৰাধিক লোকৰ ওপৰত কৰা হয় ৷

একেদৰে, AstraZeneca আৰু Oxford বিশ্ববিদ্যালয়ৰ দ্বাৰা নিৰ্মিত ভেকচিনৰ অন্তিম পৰ্যায়ত পৰীক্ষা মাৰ্কিনত চলি আছে ৷ লগতে, বিষয়াসকলে পৰীক্ষা কৰে যে, ইয়াৰ পৰীক্ষণত কোনো ৰোগে সুৰক্ষাৰ বিপদাশংকা সৃষ্টি কৰে নেকি ! কোম্পানীটোৱে আকৌ জনাইছে যে, মেৰুদণ্ডীৰ এক বিৰল ’প্ৰদাহ ট্ৰান্সভাৰ্ছ মাইলাইটিছ’ৰ সৈতে সংগতি ৰাখি পৰীক্ষণটো বন্ধ কৰা হৈছিল ৷ কিন্তু সেই কোম্পানীৰ পৰীক্ষা আন স্থানত পুনৰ আৰম্ভ হৈছে ।

উল্লেখ্য যে, জনচন নামৰ সংস্থাটোৱে কৰ'ণা ভাইৰাছৰ পৰীক্ষণ কৰিবলৈ 60,000 স্বেচ্ছাসেৱকক নামভৰ্তি কৰাৰ লক্ষ্য আছিল ।

লগতে পঢ়ক :জনীয়াত বন বিভাগৰ অভিযান: জব্দ মেচিনসহ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা

ABOUT THE AUTHOR

...view details