অসম

assam

ETV Bharat / international

পেৰুত কাৰাগাৰৰ সমীপত 200 মিটাৰ দৈৰ্ঘৰ সুৰংগ উদ্ধাৰ - 200 মিটাৰ দীঘল সুৰংগ

আৰক্ষী বিষয়া সকলে স্থানীয় সংবাদ মাধ্যমক নিজৰ ভাষ্য প্ৰদান কৰি কয় যে, এই সুৰংগৰ নিৰ্মাণ কৰিবলৈ হয়তে ছয়মাহ মান সময়ৰ প্ৰয়োজন হৈছিল ৷ এই সুৰংগ নিৰ্মাণৰ পৰিকল্পনা প্ৰায় 1 বছৰ পূৰ্বে কৰা হৈছিল ৷

200-metre tunnel discovered near Peru prison
পেৰুত কাৰাগাৰৰ সমীপত 200 মিটাৰ দৈৰ্ঘৰ সুৰংগ উদ্ধাৰ

By

Published : Dec 8, 2020, 6:18 PM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ : আৰক্ষীয়ে সোমবাৰে পেৰুৰ ৰাজধানী লীমাৰ পাৰ্শৱৰ্তী অঞ্চলত এখন জেলৰ লগত সংলগ্ন হোৱাকৈ 200 মিটাৰ দীঘল সুৰংগৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে প্ৰাৰম্ভিক তথ্যত জনায় যে, মিগুৱেল কাষ্ট্ৰ কাৰাগাৰৰ সমীপত কয়দীয়ে পলায়ন কৰিবলৈ সুবিধা হোৱাকৈ এই সুৰংগৰ নিৰ্মাণ কৰি থকা হৈছিল ৷ আৰক্ষী বিষয়া সকলে স্থানীয় সংবাদ মাধ্যমক নিজৰ ভাষ্য প্ৰদান কৰি কয় যে, এই সুৰংগৰ নিৰ্মাণ কৰিবলৈ হয়তে ছয়মাহ মান সময়ৰ প্ৰয়োজন হৈছিল ৷ এই সুৰংগ নিৰ্মাণৰ পৰিকল্পনা প্ৰায় 1 বছৰ পূৰ্বে কৰা হৈছিল ৷ এই সুৰংগ নিৰ্মাণত প্ৰায় 500 হাজাৰ ডলাৰ খৰচ কৰা হৈছে ৷ আৰক্ষীয়ে এই সুৰংগৰ নিৰ্মাণৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীয়ে ধন খৰচ কৰা বুলি অনুমান কৰিছে ৷

লগতে পঢ়ক: অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক প্ৰতিৰক্ষা সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ

ABOUT THE AUTHOR

...view details