অসম

assam

ETV Bharat / international

হোৱাইট হাউচত COVID-19ৰ ভয়াৱহ সংক্ৰমণ - হোৱাইট হাউচ

হোৱাইট হাউচত ক্ৰমাৎ বৃদ্ধি পাইছে COVID-19ৰ সংক্ৰমণ । শুক্ৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু পত্নী মিলেনীয়া ট্ৰাম্প কৰ'ণাত আক্ৰান্ত হোৱাৰ কেইঘণ্টামানৰ পিছত ৰিপাব্লিকান দলৰ দুজন চিনেটৰসহ ৩ গৰাকী সাংবাদিকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰে।

হোৱাইট হাউচত COVID-19ৰ ভয়াৱহ সংক্ৰমণ
হোৱাইট হাউচত COVID-19ৰ ভয়াৱহ সংক্ৰমণ

By

Published : Oct 3, 2020, 4:31 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে হোৱাইট হাউচত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । হোৱাইট হাউচত ৰিপাব্লিকান দলৰ ২গৰাকী চিনেটৰ, ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰাক্তন পৰামৰ্শদাতা, প্ৰচাৰ অভিযানৰ পৰিচালকৰ লগতে ৩গৰাকী সাংবাদিক মহামাৰীৰ কবলত পৰে । শুক্ৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু পত্নী মিলেনীয়া ট্ৰাম্প কৰ'ণাত আক্ৰান্ত হয় । ইতিমধ্যে হোৱাইট হাউচত কৰ্মৰত আন কেইবাগৰাকী বিষয়াৰ দেহতো COVID-19ৰ উপস্থিতি ধৰা পৰিছে ।

কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে ৱাশ্বিংটন ডি চিৰ বেথেছডাস্থিত ৱাল্টাৰ ৰীড সেনা হাস্পতালত ভৰ্তি কৰোৱা হয় ৭৫বছৰীয়া ড'নাল্ড ট্ৰাম্প আৰু ৫০বছৰীয়া মিলেনীয়া ট্ৰাম্পক। সম্প্ৰতি দুয়োৰে চিকিৎসা চলি আছে । পত্নীসহ ৰাষ্ট্ৰপতি কৰ'ণাত আক্ৰান্ত হোৱাৰ কেইঘণ্টামানৰ পিছতে উত্তৰ কেৰ'লিনাৰ ৰিপাব্লিক চিনেটৰ থম তিল্লিছ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । থম তিল্লিছে প্ৰকাশ কৰিছে যে, যোৱা শনিবাৰে কৰা পৰীক্ষাত তেওঁ সম্পূৰ্ণ সুস্থ বুলি প্ৰমাণিত হৈছিল যদিও শুক্ৰবাৰে তেওঁৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰে ।

বৰ্তমান তেওঁ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰিছে। আনহাতে, আনজন চিনেটৰ মাইক লীয়ে টুইটযোগে লিখিছে যে, তেওঁ এলাৰ্জি হোৱাৰ বাবে অশান্তি পাই আছিল আৰু সাৱধনতাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মৰ্মে COVID-19 পৰীক্ষা কৰায় । ইতিপূৰ্বে ট্ৰাম্পৰ বিশ্বস্ত উপদেষ্টা ৩১বছৰীয়া হোপ হিকছো মহামাৰীৰ কবলত পৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে বায়ুসেনাৰ এক অনুষ্ঠনত ৰাষ্ট্ৰপতিৰ সৈতে অংশ লৈছিল হিকছে । হোৱাইট হাউচৰ প্ৰাক্তন পৰামৰ্শদাতা কেলীনে কানৱেই কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা টুইটযোগে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিৰ প্ৰচাৰ অভিযানৰ পৰিচালকৰ বিল ষ্টিফেনো শুক্ৰবাৰে কৰ'ণাত আক্ৰান্ত হয় । হোৱাইট হাউচ এছ'চিয়েচনে প্ৰকাশ কৰা তথ্য অনুসৰি ৩গৰাকী সদস্য সাংবাদিকৰ দেহতো COVID-19ৰ উপস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক :ৰহস্যৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details