অসম

assam

ETV Bharat / international

দক্ষিণ চীন সাগৰত অনুশীলন চলাইছে আমেৰিকাৰ দুখন এয়াৰ ক্ৰাফ্ট কেৰিয়াৰে - দক্ষিণ চীন সাগৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ চীনৰ সমুদ্ৰ ক্ষেত্ৰলৈ শুকুৰবাৰে প্ৰেৰণ কৰে দুখন এয়াৰ ক্ৰাফ্ট কেৰিয়াৰ । এই এয়াৰ ক্ৰাফ্ট কেৰিয়াৰ দুখনে সেনাৰ প্ৰশিক্ষণত অংশ ল'ব বুলিও সদৰি কৰে আমেৰিকাৰ নেভীয়ে ।

আমেৰিকাৰ
আমেৰিকাৰ

By

Published : Jul 4, 2020, 2:59 PM IST

নিউজ ডেস্ক, ৪ জুলাইঃ দক্ষিণ চীনৰ সমুদ্ৰ ক্ষেত্ৰত নজৰ ৰাখিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই বিতৰ্কিত অঞ্চলটোলৈ প্ৰেৰণ কৰে দুখন এয়াৰ ক্ৰাফ্ট কেৰিয়াৰ । প্ৰেৰণ কৰা এই দুখন এয়াৰ ক্ৰাফ্ট কেৰিয়াৰ সেনাৰ প্ৰশিক্ষণত অংশ ল'ব বুলি সদৰি কৰে আমেৰিকাৰ নেভীয়ে ।

আনহাতে, আমেৰিকাৰ জলসেনাই মত প্ৰকাশ কৰে যে, ইউএছএছ ৰেগন আৰু ইউএছএছ নিমিতজ এটা ইন্দো-প্ৰশান্ত মহাসাগৰক স্বাধীন কৰি ৰখাৰ বাবে দক্ষিণ চীন সাগৰত দ্বৈত বাহনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে ।

আমেৰিকাৰ দুখন এয়াৰ ক্ৰাফ্ট কেৰিয়াৰে প্ৰশিক্ষণ চলাইছে দক্ষিণ চীন সাগৰত

দুইখন বিমান বাহকে চাৰিখন যুঁজাৰু বিমানেৰে ২৪ ঘণ্টাই বিমান টেষ্টিং আৰু আক্ৰমণ কৰাৰ বাবে পৰীক্ষা চলোৱা হ'ব বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details