অসম

assam

By

Published : May 5, 2019, 11:30 AM IST

ETV Bharat / international

হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত আমেৰিকাৰ কেন্ট আইলেণ্ডত নিখোজ দুজন

শনিবাৰে দুপৰীয়া স্থানীয় সময় অনুসৰি প্ৰায় বাৰ বাজি ত্ৰিশ মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন আসনযুক্ত ফ্ৰান্সত নিৰ্মিত Cabri G2 হেলিকপ্টাৰখন

হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত আমেৰিকাৰ কেন্ট আইলেণ্ডত নিখোজ দুজন

নিউজ ডেস্ক, 5 মে': আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত কেন্ট আইলেণ্ডত শনিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় এখন হেলিকপ্টাৰ ৷ শনিবাৰে দুপৰীয়া প্ৰায় বাৰ বাজি ত্ৰিশ মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন আসনযুক্ত ফ্ৰান্সত নিৰ্মিত বগা ৰঙৰ Cabri G2 হেলিকপ্টাৰখন ৷

নিৰাপত্তাৰক্ষীয়ে শনিবাৰে ঘটনাৰ উমান পাই স্থানীয় সময় অনুসৰি 12.30 বজাত এনাপলিছ ষ্টেচনত নাঁৱেৰে অভিযান চলায়৷ দুৰ্ঘটনাৰ ফলত নিখোজ ব্যক্তি কেইগৰাকীৰ নাম বৰ্তমানেো ৰাজহুৱা কৰা নাই কাৰণ ঘটনা সন্দৰ্ভত বৰ্তমানেও অবগত কৰা হোৱা নাই পৰিয়ালক৷ উল্লেখ্য যে, হেলিকপ্তাৰ খন সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে বুলি জানিব পৰা গৈছে যদিও ঘটনা সন্দৰ্ভত বৰ্তমান Federal Aviation Administration আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা বৰ্ডে অব্যাহত ৰাখিছে তদন্ত ৷

ABOUT THE AUTHOR

...view details