অসম

assam

ETV Bharat / international

নাইজাৰত ২.৩ নিযুতৰো অধিক লোকে খাদ্য সংকটত ভোগাৰ সম্ভাৱনা - খাদ্য সংকট

আগন্তুক কেইটামান মাহত নাইজাৰত ২.৩ নিযুতৰো অধিক লোকে খাদ্য সংকটত ভোগাৰ সম্ভাৱনা প্ৰকট কৰিছে ৰাষ্ট্ৰসংঘই । এই লোকসকলৰ ভিতৰত ১.৬ নিযুত লোকে মে' মাহৰ পৰাই তীব্ৰ খাদ্য সংকটত ভোগাৰ সম্ভাৱনা আছে ।

নাইজাৰত ২.৩ নিযুতৰো অধিক লোকে খাদ্য সংকটত ভোগাৰ সম্ভাৱনা
নাইজাৰত ২.৩ নিযুতৰো অধিক লোকে খাদ্য সংকটত ভোগাৰ সম্ভাৱনা

By

Published : Apr 10, 2021, 7:53 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে প্ৰকাশ কৰিছে যে, অনাগত দিনবোৰত নাইজাৰত খাদ্যৰ নাটনিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব । ২.৩ নিযুতৰো অধিক লোকে খাদ্য সংকটত ভোগাৰ সম্ভাৱনা আছে ।

ছিন্হুৱা সংবাদ সংস্থাই শুক্ৰবাৰে ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য দাঙি ধৰি প্ৰকাশ কৰে যে, জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত নাইজাৰত ২.৩ নিযুতৰো অধিক লোকে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হ'ব ।

ইয়াৰ ভিতৰত প্ৰায় ১.৬ নিযুত লোকে মে' মাহৰ পৰাই খাদ্য সংকটত ভোগাৰ সম্ভাৱনা আছে আৰু এয়া ২০২০ চনৰ নৱেম্বৰত কৰা অনুমানৰ তুলনাত ৩০ শতাংশ বেছি । মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে প্ৰকাশ কৰা মতে, বছৰটোৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱা সশস্ত্ৰ আক্ৰমণত ৩০০ৰো অধিক নাগৰিকে প্ৰাণ হেৰুৱাইছে ।

টিলাবেৰীৰ পশ্চিম অঞ্চলটোৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশৰো অধিক লোকক খাদ্য সংকটে আটাইতকৈ বেছি প্ৰভাৱিত কৰিব বুলি আশংকা ব্যক্ত কৰিছে মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে ।

৬৮৬,৫০০ জন লোকে জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত খাদ্যৰ নাটনিত ভোগাৰ সম্ভাৱনা আছে । ইতিমধ্যে টিলাবেৰীত ৫০০,০০০ জন লোকক সহায়ৰ প্ৰয়োজন, যাৰ ভিতৰত আছে ১২৫,০০০ জন সেইখন দেশৰে গৃহহীন লোক আৰু বাকীখিনি শৰণাৰ্থী ।

লগতে পঢ়ক:যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সামৰিক আলোচনাত মিলিত চীন-ভাৰত

ABOUT THE AUTHOR

...view details