নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ বুধবাৰে নিউয়ৰ্ক প্ৰশাসনে ঘোষণা কৰা অনুসৰি,চহৰখনত প্ৰথমবাৰৰ বাবে জীৱ-জন্তুৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি। দুটাকৈ ঘৰচীয়া মেকুৰীৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । প্ৰথম অৱস্থাত দুয়োটা মেকুৰীৰে স্নায়ৱিক দুৰ্বলতা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও পৰীক্ষণৰ অন্তত এয়া কৰ'ণা ভাইৰাছ বুলি নিশ্চিত হয় স্বাস্থ্য বিভাগ । মেকুৰী দুটাৰ গৰাকীৰ ঘৰলৈ অহা কোনো কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ ফলতেই এইদৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ।
এইবাৰ ঘৰচীয়া মেকুৰীৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ ভাইৰাছ কৰ'ণা - কৰ'ণা ভাইৰাছ
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ঘৰচীয়া মেকুৰী । নিউয়ৰ্ক চহৰৰ দুটিকৈ ঘৰচীয়া মেকুৰীৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি । ব্ৰনেক্স চিৰিয়াখানাত বাঘ আৰু সিংহৰ দেহৰ পিচতে এইবাৰ মেকুৰীৰ দেহটো ধৰা পৰিছে এই ভাইৰাছৰ বীজানু ।
ব্ৰনেক্স চিৰিয়াখানৰ বাঘ আৰু সিংহৰ পিচত এইবাৰ মেকুৰীৰ দেহটো এইদৰে ধৰা পৰে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি । স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, মানুহৰ দেহৰ পৰাই জীৱ-জন্তুৰ দেহলৈ এই ভাইৰাছ বিয়পিছে কিয়নো জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হোৱাৰ কোনো ঘটনা সংঘটিত হোৱা নাই । জৈৱিকভাৱে এয়া সম্ভৱপৰ বুলি উল্লেখ কৰিছে আমেৰিকাৰ স্বাস্থ্য বিভাগে ।
ইয়াৰ পিচতেই মানুহক নিজৰ নিজৰ ঘৰচীয়া পোহনীয়া জন্তুবোৰক মানুহৰ পৰা আঁতৰত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।