নিউজ ডেস্ক, ২২ জুলাইঃআমেৰিকাৰ ছিকাগো চহৰত মঙলবাৰে সন্ধিয়া সংঘটিত হয় প্ৰচণ্ড গুলিয়াগুলি । মঙলবাৰে নিশা ছিকাগোত মৃতকৰ অন্তিম সৎকাৰৰ সময়তে সংঘটিত হয় এই গুলিয়াগুলি ঘটনা । যাৰ পৰিপ্ৰেক্ষিতত ১৪ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি,এটা বাসগৃহৰ বাহিৰত অন্তিম সৎকাৰত যোগদান কৰিবলৈ একত্ৰিত হোৱা সময়তে এটা এছইউভিৰে দ্ৰুত গতিত গুলিচালনা কৰিবলৈ আৰম্ভ কৰে । এই গুলিচালনাৰ বাবেই কেইবা ঠাইত অগ্নিকাণ্ড সংঘটিত হয় বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে । হঠাৎ এনেদৰে গুলিচালনা কৰা এছইউভি খন এটা খুটাত খুন্দিয়াৰ পাচতে এছইউভি খনত থকা আটাইকেইজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত এজন অপৰাধীক গ্ৰেপ্তাৰ কৰে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।