নিউজ ডেস্ক, 22 এপ্ৰিলঃ আমেৰিকাৰ মেক্সিকোত তেলৰ খাদ বিস্ফোৰণ হৈ 11 গৰাকী শ্ৰমিকৰ লগতে সহস্ৰাধিক সাগৰীয় জীৱৰ মৃত্যু হোৱা ঘটনাই পূৰ্ণ কৰিলে 10 বছৰ । মেক্সিকোৰ সমগ্ৰ প্ৰাকৃতিক পৰিৱেশক বিনষ্ট কৰিছিল সাগৰৰ মাজত হোৱা এই দুৰ্ঘটনাই ।
কিন্তু এতিয়াও কোম্পানী সমূহে সাগৰৰ তলত গভীৰৰ পৰা গভীৰলৈ ড্ৰিলিং কৰি আছে । যাৰ ফলত পূৰ্বৰ দৰে দুৰ্ঘটনা সংঘটিত হ'লে আৰু অধিক লোকচানৰ সন্মূখীন হ'ব লাগিব ।
2010 চনত হোৱা মেক্সিকোৰ দুৰ্ঘটনাটোত প্ৰায় 134 মিলিয়ন গেলান তেল নিৰ্গত হৈছিল । লৌচিয়ানাৰ পৰা ফ্লৰিডালৈ এই তেল সমূহ বিয়পি পৰিছিল । যাৰ ফলত মৃত্যু হৈছিল এক হাজাৰৰো অধিক সাগৰীয় জীৱৰ ।