ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ মাৰ্চ:পূৱ আফ্ৰিকাস্থিত তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি জন পম্বে মাগফুলিৰ দেহাৱসান । বুধবাৰে ৬১ বছৰ বয়সত মৃত্যু হয় বিশ্ববিখ্যাত ৰাষ্ট্ৰপতি গৰাকীৰ । ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । চিএনএনৰ মতে দেওবাৰে গীৰ্জাঘৰত সাপ্তাহিক ৰাজহুৱা সেৱা ল’বলৈ গৈছিল ৰাষ্ট্ৰপতিগৰাকী আৰু ২৭ ফেব্ৰুৱাৰীৰ পৰা তেওঁক দেখা পোৱা যোৱা নাছিল । সন্দেহ কৰা হৈছে তেওঁ অসুস্থ আছিল আৰু বিদেশত চিকিৎসাৰ বাবে গৈছিল ।
উল্লেখ্য যে মাগফুলি ১৯৯৫ চনত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১০ চনত দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ পৰিবহন মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে জনপ্ৰিয়তা লাভ কৰে । ইফালে তেওঁ নেতৃত্বত তাঞ্জানিয়াত পথ নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছিল পৰৱৰ্তী সময়ত তাঞ্জানিয়াৰ ৰাইজে তেওঁক 'বুলড'জাৰ' নাম দিছিল ।
তেওঁ ২০১৫ চনত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় আৰু ২০২০ চনত পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । তেওঁক ৰাষ্ট্ৰপতি হিচাপে দেশখনৰ নাগৰিকৰ অতি প্ৰিয় আছিল । তেওঁৰ দেশৰ আৰু ৰাইজৰ প্ৰতি কৰা কাম সমূহৰ বাবে সদায় প্ৰশংসাৰ পাত্ৰ হৈ আছিল । অৱশ্যে, তেওঁ বিদেশত এনে জনপ্ৰিয়তা লাভ কৰা নাছিল কিয়নো মানৱ অধিকাৰ গোটবোৰে তেওঁক প্ৰেছ আৰু অভিব্যক্তিৰ স্বাধীনতাৰ দৰে মৌলিক অধিকাৰক অশ্বীকাৰ কৰিছিল। ২০২০ চনত, তেওঁৰ চৰকাৰে এক আইন প্ৰৱৰ্তন কৰে যিয়ে স্থানীয় সংবাদ মাধ্যমৰ বাবে কৰ্তৃত্ব অবিহনে আন্তৰ্জাতিক সমল প্ৰকাশ কৰাটো শাস্তিযোগ্য অপৰাধ কৰি দিছিল ।