ইন্টাৰনেশ্যনেল ডেস্ক, 9 মাৰ্চ : সোমবাৰে ছুডানৰ ৰাজধানী খাৰতৌমত প্ৰধানমন্ত্ৰী আব্দাল্লা হেমদকক হত্যাক অপচেষ্টা কৰাৰ কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ কনভয়ক আক্ৰমণৰ লক্ষ্য কৰি এক বোমা বিস্ফোৰণ কৰা হৈছিল ৷ হেমদকৰ পৰিয়ালৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী গৰাকী বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত ৷
বৰ্তমানলৈকে এই আক্ৰমণৰ দায়িত্ব কোনো সংগঠন অথবা লোকে মূৰ পাতি লোৱা নাই ৷ উল্লেখ্য যে, যোৱা বছৰৰ আগষ্টত হেমদকক প্ৰধানমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ দেশখনৰ সৈনিক বাহিনীৰ দ্বাৰা পৰিচালিত স্বৈৰতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাচতে এপ্ৰিলত ওমৰ অল বাশ্বিৰক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা স্থানচ্যুত কৰি নাগৰিকৰ নেতৃত্বত চৰকাৰ গঠন কৰা হৈছিল ৷