ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ: দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি(Cyril Ramaphosa tests Covid-19 positive) । ক'ভিড-১৯ ৰ লক্ষণ দেখা পোৱাৰ পাচতে তেওঁক চিকিৎসা প্ৰদান কৰা হৈছে । ক'ভিড প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই দেওবাৰে কেপটাউনত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এফ ডব্লিউ ডি ক্লাৰ্কৰ সোঁৱৰণত আয়োজিত অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পিছৰে পৰা অসুস্থতা অনুভৱ কৰিবলৈ ধৰে ।
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিৰিল ৰামাফোছাৰ দ্ৰুত আৰোগ্য কামনা কৰে (Modi wishes Cyril Ramaphosa's speedy recovery) । তেওঁ টুইটত উল্লেখ কৰে যে, চিৰিল ৰামাফোছা বৰ্তমান সুস্থিৰ অৱস্থাতে আছে আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰিক স্বাস্থ্য সেৱাৰ তত্বাৱধানত আছে ।