ইন্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ :নাইজেৰিয়ান ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীয়ে ৰাজ্যখনত সংঘটিত শেহতীয়া অশান্তি সন্দৰ্ভত দেশৰ জনসাধাৰণক উদ্দেশ্যি এক বক্তৃতা প্ৰদান কৰে ৷ কিন্তু মঙলবাৰে লেক্কী ট্ৰল প্লাজাত শান্তিপূৰ্ণ প্ৰতিবাকাৰীৰ ওপৰত সংঘটিত হোৱা গুলীবৰ্ষণ সন্দৰ্ভত বুহাৰীয়ে বক্তৃতাত কোনো উল্লেখ নকৰে ৷ উল্লেখ্য যে, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত চলা গুলীবৰ্ষণৰ ফলত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষোভৰ উদগীৰণ হৈছিল ৷
এমনেষ্টী ইন্টাৰনেশ্যনেলৰ মতে, মঙলবাৰে নিশা শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা হাজাৰ হাজাৰ লোকৰ ওপৰত মিলিটাৰীয়ে গুলীবৰ্ষণ কৰাৰ ফলত 12 জন লোকৰ মৃত্যু হৈছিল ৷ বুহাৰীয়ে নিজৰ বক্তৃতাত গুলীবৰ্ষণৰ ঘটনাৰ কথা উল্লেখ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদ ভংগ কৰিবলৈহে সকলোকে আহ্বান জনায় ৷
বুহাৰীয়ে কয়, "মই প্ৰতিবাদকাৰী সকলক আহ্বান জনাব বিচাৰিছো যে, তেওঁলোকে চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বিভিন্ন পদক্ষেপৰ সুবিধা গ্ৰহণ কৰি নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা উচিত আৰু গণতন্ত্ৰক ক্ষতিগ্ৰস্ত কৰা যিকোনো ক্ষতিপূৰ্ণ শক্তিক বাধা প্ৰদান কৰা উচিত ৷"