অসম

assam

ETV Bharat / international

নাইজেৰিয়াত বকো হাৰামে অপহৰণ কৰা 300ৰো অধিক ছাত্ৰক মুকলি - চিবোক

বকো হাৰামে চৰকাৰী বিজ্ঞান মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক অপহৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি চলিত সপ্তাহৰ আৰম্ভণিতে এটা ভিডিঅ‘ মুকলি কৰে। ভিডিঅ'ত সংগঠনটোৱে কয় যে,পশ্চিমীয়া শিক্ষা ইছলাম বিৰোধী বুলি সংগঠনটোৱে বিশ্বাস কৰে ৷ যাৰ বাবে তেওঁলোকে এই আক্ৰমণ কৰিছিল।

Nigerian official: More than 300 abducted schoolboys freed
নাইজেৰিয়াত বকো হাৰামে অপহৰণ কৰা 300ৰো অধিক ছাত্ৰক মুকলি

By

Published : Dec 18, 2020, 5:39 PM IST

নিউজ ডেস্ক, 18 ডিচেম্বৰ :যোৱা সপ্তাহত উত্তৰ-পশ্চিম নাইজেৰিয়াত অস্ত্ৰধাৰী লোকে অপহৰণ কৰা ৩০০ৰো অধিক স্কুলীয়া ছাত্ৰক মুকলি কৰি দিয়া হৈছে ৷ এই কথা সদৰি কৰিছে এজন চৰকাৰী বিষয়াই।

উত্তৰ-পশ্চিম নাইজেৰিয়াৰ কাত্সিনা ৰাজ্যৰ কংকাৰাৰ এখন গাঁৱৰ বিদ্যালয়ত যোৱা শুকুৰবাৰে অস্ত্ৰধাৰী দুৰ্বৃত্তই আক্ৰমণ চলাই 300 ছাত্ৰক অপহৰণ কৰে ৷ প্ৰথমাৱস্থাত এই আক্ৰমণ স্থানীয় একাংশ ডকাইতৰ দল বুলি ধাৰণা কৰা হৈছিল যদিও মঙলবাৰে এই অপহৰণ কাণ্ডৰ দ্বায়ত্ব স্বীকাৰ কৰে সন্ত্ৰাসবাদী সংগঠন বকো হাৰামে ৷ উল্লেখ্য যে,বকো হাৰাম নামৰ এই সন্ত্ৰাসবাদী সংগঠনটোৱেই 2014 চনত চিবোকত 270 গৰাকী ছাত্ৰীক অপহৰণৰ লগতো জড়িত আছিল ৷

যোৱা শুকুৰবাৰে জেহাদী সন্ত্ৰাসবাদী সংগঠনটোৱে অপহৰণ কৰা ছাত্ৰ সকলক ছয় দিনৰ শাস্তিৰ পাছত মুকলি কৰা দিয়া হয় ৷ ৰাজ্যপাল অমীনু বেল্লো মছাৰীয়ে কয় যে, সন্ত্ৰাসবাদীয়ে মুকলি কৰি দিয়া 344 গৰাকী ছাত্ৰ বৰ্তমান সুৰক্ষা এজেঞ্চিৰ জিম্মাত আছে আৰু তেওলোকক শুকুৰবাৰে নিশা কটছিনালৈ লৈ যোৱা হ‘ব ৷ তেওঁলোকক নিজৰ নিজৰ পৰিয়ালক চমজাই দিয়াৰ আগত স্বাস্থ্য পৰীক্ষা কৰোৱা হ‘ব ৷

দেশখনৰ ৰাষ্ট্ৰপতি মোহাম্মদ বুহাৰীয়ে টুইট যোগে কয় যে, "এয়া সমগ্ৰ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সমূহৰ বাবে ডাঙৰ সকাহ ৷ "

বকো হাৰামে চৰকাৰী বিজ্ঞান মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক অপহৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি চলিত সপ্তাহৰ আৰম্ভণিতে এটা ভিডিঅ‘ মুকলি কৰে। ভিডিঅ'ত সংগঠনটোৱে কয় যে, পশ্চিমীয়া শিক্ষা ইছলাম বিৰোধী বুলি সংগঠনটোৱে বিশ্বাস কৰে ৷ যাৰ বাবে তেওলোকে এই আক্ৰমণ কৰিছিল।

উল্লেখ্য যে, বকো হাৰামৰ আক্ৰমণৰ সময়ত ৮০০ৰো অধিক শিক্ষাৰ্থী বিদ্যালয়খনত উপস্থিত আছিল। ইয়াৰে কেইবা শতাধিক ছাত্ৰ বিদ্যালয়খনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ সংগঠনটোৱে তাৰে 330 ৰো অধিক ছাত্ৰক অপহৰণ কৰে ৷

এমেৰিষ্ট ইণ্টাৰনেচনেলৰ মতে, অঞ্চলটোত বছৰটোৰ আৰম্ভণিৰ পৰা সশস্ত্ৰ লোকে ১,১০০ ৰো অধিক লোকক হত্যা কৰিছে।

লগতে পঢ়ক: ক’ভিড 19ত আক্ৰান্ত বাইডেনৰ ঘনিষ্ঠ মুখপাত্ৰ কেজৰিক ৰিছমণ্ড

ABOUT THE AUTHOR

...view details