অসম

assam

ETV Bharat / international

পাৰস্পৰিকতাই উমৈহতীয়া পথত মূল উপায় - Mutually advantageous if tread as one

বিগত দহ বছৰতত ব্ৰিকছৰ দেশসমূহৰ মাজত সহযোগিতা, সমন্বয় আৰু বন্ধুত্বক লৈ প্ৰশ্ন কৰাৰ থল আছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্মিলনত দিয়া ভাষণত উন্মোচন কৰা তথ্য অনুসৰি বিশ্ব বাণিজ্যৰ ভিতৰত ব্ৰিকছৰ ৰাষ্ট্ৰসমূহৰ মাজত হোৱা ব্যৱসায়-বাণিজ্যৰ হাৰ মাত্ৰ ১৫ শতাংশহে ।

ব্ৰিকছ ৰাষ্ট্ৰ

By

Published : Nov 22, 2019, 1:17 PM IST

ব্ৰাজিলৰ ৰাজধানী চহৰ ব্ৰাছিলিয়াত অনুষ্ঠিত একাদশ ব্ৰিকছ সন্মিলনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাৰ কৌশলৰ লগতে বাণিজ্য আৰু বিত্তীয় দিশত সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰা হয় । দহ বছৰ পূৰ্বে সমান সুবিধা-সুযোগৰে পৰিপূৰ্ণ এখন পৃথিৱী সৃষ্টিৰ লক্ষ্যৰে ব্ৰিকছৰ জন্ম হৈছিল । এই সংগঠনে প্ৰগতিৰ পথত থকা প্ৰত্যাহ্বানসমূহ সঠিকভাৱে চিনাক্ত কৰিছে । ব্ৰিকছ হৈছে পাঁচখন ৰাষ্ট্ৰৰ ইংৰাজীত প্ৰথম আখৰকেইটাৰে গঠিত এটা নাম-ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে সকীয়াই দিছে যে, চীন-আমেৰিকাৰ বাণিজ্যিক যুদ্ধৰ ফলত সমগ্ৰ বিশ্বজুৰি ০.৫ শতাংশ পৰ্যন্ত জিডিপি হ্ৰাস কৰিব পাৰে । বিশ্ব অৰ্থনীতিত সন্ত্ৰাসবাদৰ প্ৰভাৱ সম্পৰ্কে ব্ৰিকছৰ নেতাসকলে আলোচনা কৰিছিল । নৰেন্দ্ৰ মোডীৰ মতে, সন্ত্ৰাসবাদৰ ফলত বিশ্ব অৰ্থনীতিয়ে কেইবা কোটি ডলাৰ হেৰুওৱাৰ লগতে বিশ্বজুৰি ২.২৫ লাখ লোকে প্ৰাণ হেৰুৱাইছে ।

সাত সপ্তাহ পূৰ্বে ব্ৰিকছৰ দেশসমূহৰ নেতাসকলে নিউয়ৰ্কত লগ হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰে । ৰাসায়নিক অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী প্ৰতিটো পদক্ষেপত সহযোগিতা আগবঢ়াব বুলি তেওঁলোকে সুদৃঢ় স্থিতি প্ৰকাশ কৰে । ডেৰ বছৰ পূৰ্বে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীয়ে 'মানি লণ্ডাৰিং' আৰু সন্ত্ৰাসবাদীলৈ ধনৰ সৰবৰাহ বন্ধ নকৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে একমতত উপনীত হৈছিল । কিন্তু চীনে পাকিস্তানক উদ্ধাৰৰ বাবে অহাতহে এনেধৰণৰ সন্ত্ৰাসবিৰোধী ব্যৱস্থাবোৰ কাৰ্যকৰী নহ'ল ।

বিগত দহ বছৰতত ব্ৰিকছৰ দেশসমূহৰ মাজত সহযোগিতা, সমন্বয় আৰু বন্ধুত্বক লৈ প্ৰশ্ন কৰাৰ থল আছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্মিলনত দিয়া ভাষণত উন্মোচন কৰা তথ্য অনুসৰি বিশ্ব বাণিজ্যৰ ভিতৰত ব্ৰিকছৰ ৰাষ্ট্ৰসমূহৰ মাজত হোৱা ব্যৱসায়-বাণিজ্যৰ হাৰ মাত্ৰ ১৫ শতাংশহে । বিশ্বৰ জিডিপিত ২৩ শতাংশ আৰু জনসংখ্যাৰ ৪২ শতাংশ ভাগ থকা ব্ৰিকছ ৰাষ্ট্ৰসমূহে পাৰস্পৰিক সহযোগিতাৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব । পূৰ্বে এটা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যে, ব্ৰিকছৰ দেশসমূহে আমেৰিকা, জাপান, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানীক চেৰ পেলাই বিশ্ব অৰ্থনীতিক নেতৃত্ব দিব ।

ব্ৰিকছ ৰাষ্ট্ৰ

ব্ৰিকছে ইন্ধন আৰু খাদ্য সুৰক্ষাৰ বাবে কেইবাটাও সংকল্প গ্ৰহণ কৰিছে যদিও এই আন্তঃৰাষ্ট্ৰীয় সংগঠনটো তেতিয়াহে সফল হ'ব যদি একত্ৰিত হৈ যুঁজ দিয়ে । চীনৰ প্ৰধানমন্ত্ৰী জিনপিঙে স্থান কৰা ব্ৰিকছ, চাংহাই কোপাৰেশ্যন অৰ্গেনাইজেশ্যন আৰু ইউৰেছিয়ান ইক’নমিক ইউনিয়নে এখন বহু মেৰুকেন্দ্ৰিক পৃথিৱী গঢ়াতহে অৱদান যোগাব পাৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতত উপলব্ধ অন্তহীন সুযোগ আৰু 'ইজ অৱ ডুয়িং বিজনেছ’ৰ সুবিধা গ্ৰহণ কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে । আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক সূচকাংকত ভাৰত আৰু ব্ৰাজিলৰ স্থান একেবাৰে শেষত । আন্তঃগাঁথনি, বিদ্যুত যোগান বা যোগানৰ শৃংখলাত সংস্কাৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰিব পাৰে ।

দক্ষিণ আফ্ৰিকাৰ অন্তৰ্ভুক্তিৰ পূৰ্বে ব্ৰাজিল, ৰাছিয়া, ভাৰত আৰু চীনৰ দ্বাৰা গঠিত এই অনুষ্ঠানক 'ব্ৰিক' বুলি জনা গৈছিল । ইয়াৰ উদ্দেশ্য আছিল গোলকীয় অৰ্থনৈতিক আৰু বিত্তীয় অৱস্থাৰ উন্নতি সাধন । কিন্তু দহ বছৰ পাৰ হোৱাৰ পাছতো ফলাফলসমূহ নিৰাশাজনক । যাৰ ফলত শেহতীয়া ব্ৰাছিলিয়া সন্মিলনে ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সংস্কাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাত সংস্কাৰৰ বাবে ভাৰতৰ স্থিতি বিশ্বৰ মঞ্চত স্পষ্ট কৰি দিয়া হৈছে । ব্ৰিকছ সন্মিলনে এই মতক সমৰ্থন কৰাৰ লগতে বিশ্ব বাণিজ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ নীতিৰ ক্ষেত্ৰতো অনুৰূপ পৰিৱৰ্তনৰ দাবী কৰিছে । চীনৰ স্থিতিহে সকলোতকৈ ভিন্ন । কাৰণ ভাৰতৰ লগত চীনৰ সম্পৰ্ক মধুৰ নহয় । যদিও ভেটোৰ ক্ষমতা থকা আন ৰাষ্ট্ৰসমূহে ভাৰতৰ স্থায়ী সদস্যৰ দাবীক সমৰ্থন কৰি আহিছে চীনেহে দীৰ্ঘদিনৰ পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে । ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ আছে যে, নিৰাপত্তা পৰিষদৰ যিকোনো পৰিৱৰ্তনৰ বাবে স্থায়ী সদস্যসকলে সন্মতি প্ৰদান কৰিব লাগে । এক কথাত ক’বলৈ ব্ৰিকছৰ দাবীসমূহ পূৰণত ইয়াৰ এখন সদস্য ৰাষ্ট্ৰই বাধা হিচাপে থিয় দিছে । ভৌগোলিক আৰু আদৰ্শগত ভিন্নতা থকাৰ পাছতো একলগ হোৱা পাঁচখন দেশে এক প্ৰভাৱশালী শক্তিলৈ পৰিণত হোৱাৰ বাবে আভ্যন্তৰীণ সংঘাতসমূহ নিৰ্মূল কৰিব লাগিব ।

আৰু পঢ়ক : উন্নয়নৰ দ্ৰুততা আৰু আৰ্থিক সংকট নিয়ন্ত্ৰণৰ বাবে বিনিয়োগ

ABOUT THE AUTHOR

...view details