ইন্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ: শেহতীয়া এক অধ্যয়নে সূচাইছে যে ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ সম্প্ৰদায় সমূহত মাতৃ তথা সন্তানৰ স্বাস্থ্যৰ পূৰ্বৰ তুলনাত অধিক উন্নতি সাধন হৈছে ৷ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ অধীনত এই তিনিখন ৰাষ্ট্ৰৰ গাঁও অঞ্চলৰ সম্প্ৰদায় সমূহৰ মাতৃ তথা নৱজাত সন্তান সম্পৰ্কত এই অধ্যয়ন চলোৱা হৈছিল ৷ মাতৃ তথা নৱজাত সন্তানৰ 8 টা অতি প্ৰয়োজনীয় স্বাস্থ্য সম্পৰ্কীয় আভাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই তথ্য লাভ কৰে অধ্যয়নটোৱে ৷ 2012 চনৰ তুলনাত 2015 চনত ইথিওপিয়া আৰু ভাৰতৰ উত্তৰ প্ৰদেশত মাতৃ-সন্তানৰ স্বাস্থ্যৰ উন্নতি প্ৰত্যক্ষ কৰে অধ্যয়নটোৱে ৷
উন্নত হৈছে ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ মাতৃ-সন্তানৰ স্বাস্থ্য : অধ্যয়ন - উন্নত হৈছে ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ মাতৃ-সন্তানৰ স্বাস্থ্য : অধ্যয়ন
ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ সম্প্ৰদায় সমূহত মাতৃ তথা সন্তানৰ স্বাস্থ্যৰ পূৰ্বৰ তুলনাত উন্নতি সাধন হৈছে বুলি এক অধ্যয়নে সূচাইছে ৷ মাতৃ তথা নৱজাত সন্তানৰ 8 টা অতি প্ৰয়োজনীয় স্বাস্থ্য সম্পৰ্কীয় আভাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই তথ্য লাভ কৰে অধ্যয়নটোত ৷
মাতৃ-সন্তানৰ স্বাস্থ্য
নাইজেৰিয়াৰ গম্বে অঞ্চলতো 'বকো হাৰাম'ৰ বিদ্ৰোহৰ ফলত মহিলাসকলৰ স্বাস্থ্য শোচনীয় হৈ পৰিছিল যদিও বৰ্তমান সময়ত ইয়াৰ পৰিৱৰ্তন লক্ষ্য কৰা হৈছে ৷
আৰু পঢ়ক : ৰিয়াধৰ ছৌদি ৰাজপ্ৰসাদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী