অসম

assam

ETV Bharat / international

আজি আন্তৰাষ্ট্ৰীয় যুৱ দিৱস,2019 - ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা

সমগ্ৰ বিশ্বতে 12 আগষ্টৰ দিনটোত পালন কৰা হৈছে আন্তৰাষ্ট্ৰীয় যুৱ দিৱস ৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা

By

Published : Aug 12, 2019, 3:57 PM IST

নিউজ ডেস্ক, 12 আগষ্ট :

পৰিচয় :-
বৰ্তমান বিশ্বত 10-24 বৰ্ষীয় যুৱ প্ৰজন্মৰ সংখ্যা প্ৰায় 108 কোটি ৷ এইয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যুৱ জনসংখ্যা বুলি গণ্য কৰা হৈছে ৷ কিন্তু 6-14 বছৰৰ আধাসংখ্যক শিশু আৰু কিশোৰৰেই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকাৰ পাছতো গণিতৰ সাধাৰণ দক্ষতা নাই বুলি তথ্যত প্ৰকাশ পাইছে ৷ 1999 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰথমবাৰৰ বাবে 12 আগষ্টৰ দিনটোত আন্তৰাষ্ট্ৰীয় যুৱ দিৱসৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ জৰিয়তে তৰুণ যুৱক-যুৱতী সকলক সমাজৰ পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানৰ বাবে সাজু হ'ব পৰাকৈ সজাগ কৰি তোলাই ইয়াৰ লক্ষ্য আছিল ৷ যুৱ চামে সন্মুখীন হ'ব পৰা যিকোনো অসুবিধাৰে যুঁজিব পৰাকৈ সা-সুবিধা প্ৰদান কৰাই এই দিৱসৰ লক্ষ্য আছিল ৷

2019 বৰ্ষৰ বিষয়বস্তু : শিক্ষাৰ ৰূপান্তৰকৰণ :-
এই বছৰৰ আন্তৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল বিষয়বস্তু হৈছে শিক্ষাৰ ৰূপান্তৰকৰণ ৷ ইয়াৰ জৰিয়তে সকলোৰে বাবে সম পৰ্যায়ৰ আৰু জীৱনজোৰা শিক্ষাৰ সুবিধা নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে ৷ বহনক্ষম উন্নয়নৰ 2030 বৰ্ষৰ কাৰ্যসূচীৰ সফল সম্পাদনৰ বাবে যুৱ প্ৰজন্মৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাই এই বৰ্ষৰ মূল বিষয়বস্তু ৷

ভাৰতবৰ্ষ :-
ভাৰতবৰ্ষইও 'সৰ্ব শিক্ষা অভিযান'আৰু 'শিশুৰ বিনামূলীয়া শিক্ষাৰ অধিকাৰ' (RTE act) আঁচনিৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ জৰিয়তে প্ৰতিজন শিশুৱে বিদ্যালয়ত নামভৰ্তিৰ সুবিধা লাভ কৰাৰ লগতে এক কিলোমিটাৰ দূৰত্বৰ ব্যৱধানত গাঁও অঞ্চলৰ লোকসকলে প্ৰাথমিক বিদ্যালয়ৰ সুবিধা লাভ কৰিছে ৷ 2009 বৰ্ষত বিদ্যালয়ত যোগদান নকৰা শিশুৰ সংখ্যা আছিল 8 লাখ কিন্তু এই সংখ্যা ক্ৰমাৎ হ্ৰাস পাই 2014 চনত ছয় মিলিয়ন হৈছে ৷

যুৱ প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ :-
1. উচ্চ শিক্ষাৰ বাবে যুৱ প্ৰজন্মক জলপানি প্ৰদানৰ আঁচনি
2. দূৰ শিক্ষা আৰু ইন্টাৰনেট-শিক্ষাৰ ক্ষেত্ৰত সমৰ্থন প্ৰদান

যুৱ প্ৰজন্মৰ কৌশলগত বিকাশৰ বাবে চৰকাৰী আঁচনি :-
ভাৰত চৰকাৰে যুৱ প্ৰজন্মৰ কৌশলগত বিকাশৰ বাবে বহুকেইটা আঁচনি হাতত লোৱাৰ লগতে নৱ প্ৰজন্মৰ উদ্যোগপতি সকলক উন্নত সা - সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
1. প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা
2. ৰাষ্ট্ৰীয় কৌশল বিকাশ যোজনা (NSDM)
3. সংকল্প (SANKALP)
4. কৌশল বিকাশ আৰু উদ্যোগ নিৰ্মাণৰ ৰাষ্ট্ৰীয় আঁচনি (NPSDE)
5. স্কিল ইণ্ডিয়া পৰ্টেল (SIP)

কি কাৰ্যপন্থা গ্ৰহণ কৰা উচিত ?
* শিক্ষা ব্যৱস্থাত ব্যৱহাৰিক দিশত গুৰুত্ব প্ৰদান
* কৌশলগত বিকাশৰ বাবে সকলোকে প্ৰশিক্ষণ,বিশেষকৈ উদ্যোগপতি সকলক এই প্ৰশিক্ষণ প্ৰদান কৰা
* সফল ব্যক্তিসকলক তেওঁলোকৰ সফলতাৰ কাহিনীবোৰ সকলোৰে আগত বৰ্ণনা কৰিবলৈ সজাগ কৰি জনগোষ্ঠী আৰু বিশ্বলৈ পৰিৱৰ্তন অনাৰ চেষ্টা
* ক্ষমতা আৰু গুণগত মানদণ্ড উন্নত কৰা
* জীৱনজোৰা শিক্ষা আৰু কৌশলগত বিকাশৰ বাবে উৎসাহিত কৰা

ABOUT THE AUTHOR

...view details