নিউজ ডেস্ক, 9 ছেপ্তেম্বৰ : 8 ছেপ্তেম্বৰৰ দিনা সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব সাক্ষৰতা দিৱস ৷ 1966 বৰ্ষৰ 26 অক্টোবৰৰ দিনা ইউনেস্কো'ৰ সাধাৰণ সভাৰ 14 সংখ্যক অভিৱৰ্তনত এই দিৱস উদযাপনৰ কথা ঘোষণা কৰা হৈছিল ৷ ইয়াৰ পাছতে 1967 চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয় ৷ এই দিৱসৰ মুখ্য উদ্দেশ্য আছিল ব্যক্তি, সমুদায় আৰু সমাজৰ সাক্ষৰতাত গুৰুত্ব প্ৰদান কৰা ৷ সেই বছৰতে প্ৰায়বোৰ ৰাষ্ট্ৰতে এই দিৱসৰ আয়োজন কৰা হৈছিল ৷
বিশ্ব সাক্ষৰতা দিৱস, 2019 ৰ বিষয়বস্তু 'সাক্ষৰতা আৰু বহুভাষিকতা' - ইউনেস্কো'ৰ সাধাৰণ সভাৰ 14 সংখ্যক অভিৱৰ্তন
8 ছেপ্তেম্বৰৰ দিনা সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব সাক্ষৰতা দিৱস ৷ 1966 বৰ্ষৰ 26 অক্টোবৰৰ দিনা ইউনেস্কো'ৰ সাধাৰণ সভাৰ 14 সংখ্যক অভিৱৰ্তনত এই দিৱস উদযাপনৰ কথা ঘোষণা কৰা হৈছিল ৷ ইয়াৰ পাছতে 1967 চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয় ৷ 2019 চনৰ বিশ্ব সাক্ষৰতা দিৱসৰ বিষয়বস্তু হৈছে 'সাক্ষৰতা আৰু বহুভাষিকতা' ৷
![বিশ্ব সাক্ষৰতা দিৱস, 2019 ৰ বিষয়বস্তু 'সাক্ষৰতা আৰু বহুভাষিকতা'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4384446-thumbnail-3x2-li-2.jpg)
তথ্য অনুসৰি, প্ৰায় 775 মিলিয়ন প্ৰাপ্ত বয়স্ক লোকে বৰ্তমানেও ন্যূনতম সাক্ষৰতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰোপৰি, প্ৰতি 5 জন লোকৰ 1 জন নিৰক্ষৰ হোৱাৰ লগতে তিনিভাগৰ দুভাগেই মহিলা বুলি জানিব পৰা গৈছে ৷ আনহাতে, 60.7 মিলিয়ন শিশুয়ে বিদ্যালয়ত শিক্ষা গ্ৰহণ নকৰাৰ লগতে আৰু বহু শিশুয়ে আধাতে বিদ্যালয় সামৰাৰ আৰু কিছু সংখ্যকে অনিয়মিতভাৱে বিদ্যালয়লৈ উপস্থিত হয় ৷
এই দিৱসত প্ৰতি বছৰে বিভিন্ন বিষয়বস্তু লৈ সমগ্ৰ বিশ্বতে আয়োজন কৰা হয় ৷ এই সমূহৰ ভিতৰত 2007-08 চনত 'সাক্ষৰতা আৰু স্বাস্থ্য', 2009-10 চনত 'স্বাক্ষৰতা আৰু সৱলীকৰণ', 2011-12 চনত 'সাক্ষৰতা আৰু শান্তি'ক বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছিল ৷ আনহাতে, 2019 চনৰ বিশ্ব সাক্ষৰতা দিৱসৰ বিষয়বস্তু হৈছে 'সাক্ষৰতা আৰু বহুভাষিকতা' ৷