অসম

assam

ETV Bharat / international

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য - মানচেষ্টাৰ

বিশ্বত কৰ’ণা আক্ৰান্তৰ সংখ্যাই 3,77,46,051 ৰ সীমা অতিক্ৰম কৰিছে ৷ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ 10,81,435 গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে ৷ বৃটেইন চৰকাৰে দেশখনৰ নাগৰিকসকলক সতৰ্ক কৰি দিয়াৰ লগতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনে চূড়ান্ত পৰ্যায়ত অৱস্থান কৰাৰ কথা ব্যক্ত কৰে ৷ লিভাৰপুল আৰু মানচেষ্টাৰৰ দৰে আগশাৰীৰ চহৰসমূহত পাব আৰু ৰেষ্টোৰাসমূহ পুনৰ বন্ধ কৰাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে চৰকাৰে ৷

Global Covid 19 tracker etv bharat news
Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Oct 12, 2020, 7:57 PM IST

হায়দৰাবাদ,12 অক্টোবৰ: 3,77,46,051 গৰাকীৰো অধিক ব্যক্তি সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত হৈছে ৷ তদুপৰি এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 10,81,435 গৰাকীয়ে ৷ বৰ্তমানলৈকে 2,83,47,330 গৰাকী ব্যক্তিয়ে কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ ঘৰলৈ উভটিছে ৷ আমেৰিকাত 79,91,998 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱটিছে 2,19,695 গৰাকীয়ে ৷

আক্ৰান্ত দেশৰ শীৰ্ষত আমেৰিকা

বৃটেইন চৰকাৰে দেশখনৰ নাগৰিকসকলক সতৰ্ক কৰি দিয়াৰ লগতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনে টিপিংগ পইণ্টত অৱস্থান কৰাৰ কথা ঘোষণা কৰে ৷ বৰিছ জনছনে সোমবাৰে কোভিড 19 আক্ৰান্ত এলেকাসমূহত অধিক প্ৰতিবন্ধকতা আৰোপ কৰি সংক্ৰমণ ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷ তদুপৰি লিভাৰপুল আৰু মানচেষ্টাৰৰ দৰে আগশাৰীৰ চহৰসমূহত পাব আৰু ৰেষ্টোৰাসমূহ পুনৰ বন্ধ কৰাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে চৰকাৰে ৷

বৃটেইনত ৰেষ্টোৰা বন্ধৰ চিন্তা-চৰ্চা

কৰ’ণা আক্ৰান্ত দেশসমূহৰ দ্বিতীয় স্থানত অৱস্থান কৰা ভাৰতত 71,19,300 ৰো অধিক লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 1,09,184 গৰাকী ব্যক্তিয়ে ৷

লগতে চাওকঃঘোষণা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম

ABOUT THE AUTHOR

...view details