হায়দৰাবাদ,10 অক্টোবৰ:সমগ্ৰ বিশ্বত 3,71,10,987 তকৈয়ো অধিক লোক কবলত পৰিছে কৰ'ণা মহামাৰীৰ ৷ আনহাতে 10,72,712 গৰাকী লোকে মহামাৰীবিধত আক্ৰান্ত হৈ সাৱটিছে মৃত্যুক ৷ বৰ্তমানলৈ 2,78,97,003 গৰাকী লোকে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷
কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা দেশসমূহৰ শীৰ্ষস্থানত আছে আমেৰিকা ৷ বৰ্তমানলৈকে আমেৰিকাত কৰ'ণাত আক্ৰান্ত হৈছে 78,94,478 গৰাকীতকৈয়ো অধিক লোক ৷ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 2,18,648 গৰাকীলৈ ৷ এই তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷