হায়দৰাবাদ,8 অক্টোবৰ:সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 3,63,94,156 ৰ ঘৰ ৷ আক্ৰান্তসকলৰ ভিতৰত মৃত্যুক সাৱটি লৈছে 10,60,462 গৰাকী ব্যক্তিয়ে ৷ তদুপৰি 2,74,12,315 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাৰ অন্তত সুস্থ হৈ উভটিছে ঘৰলৈ ৷
ইফালে,আক্ৰান্ত দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 77,76,224 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 2,16,784 গৰাকীয়ে ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ ৷ দেশখনত 68,35,655 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,05,554 গৰাকীয়ে হেৰুৱাইছে প্ৰাণ ৷