ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ :ভাৰতকে ধৰি বহু দেশত লাহে লাহে মহামাৰী কৰ'ণাৰ প্ৰভাৱ হ্ৰাস হোৱা দেখা গৈছে । কিন্তু এতিয়াও বহু স্থানত কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । কেৱল এয়াই নহয় এইবাৰ বিজ্ঞানীসকলে ধৰা পেলাইছে কৰ'ণাৰ এক নতুন প্ৰকাৰ (Covids new variant detected)। লগে লগে সমগ্ৰ বিশ্বত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এইবাৰ দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে ভাইৰাছৰ এই নতুন প্ৰকাৰ (Covids new variant detected in South Africa)। দেশখনৰ গৌটেং অঞ্চলত শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । এই বৃদ্ধিৰ কাৰণ কৰ'ণা ভাইৰাছৰ নতুন প্ৰকাৰ বুলি অৱগত কৰিছে বিজ্ঞানীসকলে । অৱশ্যে এই নতুন প্ৰকাৰটো ক'ৰ পৰা আহিছে এতিয়াও স্পষ্ট হোৱা নাই ।
কিন্তু দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে ইয়াক প্ৰথম চিনাক্ত কৰিছে । আনহাতে হংকং আৰু বটছৱানালৈ যোৱা একাংশ যাত্ৰীৰ দেহটো ধৰা পৰিছে ক'ভিড-19 ৰ নতুন প্ৰকাৰটো ।
দেশখনৰ স্বাস্থ্যমন্ত্ৰী জ' ফাহলাই জনোৱা মতে যোৱা কেইদিনমানত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণ এই নতুন প্ৰকাৰটো হ'ব পাৰে । অৱশ্যে বিশেষজ্ঞসকলে এই নতুন প্ৰকাৰ B.1.1.529 সংক্ৰমণ বৃদ্ধিৰ কাৰণ হয় নে নহয় তাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে । যোৱা কেইটামান সপ্তাহত দেশখনত প্ৰতিদিনে প্ৰায় ২০০ গৰাকীকৈ লোক কৰ'ণাত আক্ৰান্ত হৈ আছিল ।
কিন্তু ২৪ নৱেম্বৰত এই সংখ্যা হঠাৎ ১,২০০ লৈ বৃদ্ধি পায় । তাৰ পাছত এই সংখ্যা ২,৪৬৫ লৈ বৃদ্ধি হয় । হঠাৎ আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি হোৱাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছিল । তাৰ পাছতে ইয়াৰ কাৰণ জানিবলৈ অনুসন্ধান অব্যাহত ৰখাৰ সময়তে ক'ভিড-19 ৰ এই নতুন প্ৰকাৰটো ধৰা পৰে ।
দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞসকলে জনোৱা মতে ইয়াৰ কোনো পৃথক লক্ষণ নাই । আন প্ৰকাৰবোৰৰ দৰেই ইয়াৰ লক্ষণ আৰু ৰোগৰ লক্ষণ নথকা লোকৰ দেহটো ভাইৰাছৰ এই প্ৰকাৰটো ধৰা পৰিছে ।
এই নতুন প্ৰকাৰটোক লৈ বিজ্ঞানীসকল কিয় চিন্তিত ?
ক'ভিড-19 ভাইৰাছৰ স্পাইক প্ৰ'টিনত ইয়াৰ প্ৰায় ৩০ টা পৰিৱৰ্তন দেখা যায়, যাৰ বাবে ই সহজে মানুহৰ দেহলৈ বিয়পিব পাৰে । ব্ৰিটেইনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত ক'ভিড-19-ৰ আনুবংশিক অনুক্ৰমৰ অধ্যয়নৰ নেতৃত্বত থকা শ্বাৰণ পিককে কয় যে এতিয়ালৈকে পোৱা তথ্যৰ দ্বাৰা এইটো স্পষ্ট যে নতুন প্ৰকাৰটোৰ ট্ৰেন্সমিচিবিলিটিৰ হাৰ বেছি (new covid variant has high transmissibility) । অৱশ্যে ইয়াৰ পৰিৱৰ্তনৰ বিশেষত্ব এতিয়াও জানিব পৰা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ।
তেওঁ লগতে কয় যে বৰ্তমানৰ ক'ভিড প্ৰতিষেধকবোৰ এই নতুন প্ৰকাৰৰ বিপৰীতে কাৰ্যকৰী হয় নে নহয় তাক নিৰ্ধাৰণ কৰিবলৈ প্ৰয়োজনীয় পৰীক্ষাগাৰত পৰীক্ষা কৰিবলৈ কেইবা সপ্তাহৰ প্ৰয়োজন হ'ব । অৱশ্যে তেওঁ এইটোও স্পষ্টভাৱে কয় যে এই নতুন প্ৰকাৰটো অধিক মাৰাত্মক হোৱাৰ কোনো ইঙ্গিত এতিয়ালৈ দিয়া নাই ।
ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ জেনেটিক্স ইনষ্টিটিউটৰ সঞ্চালক ফ্ৰাঙ্কোইচ বালুক্সে কয় যে দক্ষিণ আফ্ৰিকা আৰু বিশেষকৈ গৌটেং প্ৰদেশত ক'ভিড-19ৰ সংক্ৰমণৰ তীব্ৰ হাৰে সকলোকে চিন্তিত কৰি তুলিছে । এক বিবৃতিযোগে তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে এই নতুন প্ৰকাৰটোৱে মানুহক পুনৰ সংক্ৰমিত কৰাৰ লগতে ই অধিক ট্ৰেন্সমিচিবল আৰু মাৰাত্মক । অৱশ্যে ভাইৰাছৰ প্ৰকাৰটো অধিক সংক্ৰামক হয় নে নহয় সেয়া এতিয়াও অস্পষ্ট হৈ আছে । যদিও এই প্ৰকাৰটো প্ৰতিষেধক লোৱা ব্যক্তিৰ দেহটো ধৰা পৰিছে কিন্তু কোনো পৰীক্ষা অবিহনে ইয়াৰ প্ৰভাৱৰ বিষয়ে ভৱিষ্যতবাণী কৰিব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে ।
এই নতুন প্ৰকাৰটো কেনেকৈ উদ্ভৱ হ'ল ?