অসম

assam

ETV Bharat / international

ইথিঅ'পিয়াৰ প্ৰধানমন্ত্ৰী আবী আহমেদক 2019 বৰ্ষৰ শান্তিৰ নোবেল বঁটা - সংঘাত সমাধান

চুবুৰীয়া ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ লগত নিজ দেশৰ দীৰ্ঘকালীন সংঘাত সমাধানৰ বাবে আহমেদক প্ৰদান কৰা হ'ল এই সন্মানীয় পুৰস্কাৰ ৷

ইথিঅ'পিয়াৰ প্ৰধানমন্ত্ৰী আবী আহমেদক 2019 বৰ্ষৰ শান্তিৰ নোবেল বঁটা

By

Published : Oct 11, 2019, 5:22 PM IST

নিউজ ডেস্ক, 11 অক্টোবৰ: শুকুৰবাৰে নিশা নবেল বঁটা কমিটিয়ে ঘোষণা কৰিলে 2019 চনৰ শান্তিৰ নবেল বঁটা ৷ বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰত্যেক বছৰ প্ৰদান কৰি অহা হৈছে এই পুৰস্কাৰ ৷ এই বৰ্ষৰ এই সন্মানীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে দক্ষিণ আফ্ৰিকীয় ৰাষ্ট্ৰ ইথিঅ'পিয়াৰ প্ৰধানমন্ত্ৰী আবী আহমেদক ৷ ইথিঅ'পিয়াৰ দীৰ্ঘকালীন শত্ৰু তথা চুবুৰীয়া ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ লগত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আহমেদে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে ৷

নাম ঘোষণাৰ প্ৰাকমূহূৰ্তত নবেল কমিটিয়ে কয়, "আন্তৰাষ্ট্ৰীয় সহযোগ আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আবী আহমেদৰ প্ৰয়াস সচাকৈয়ে প্ৰশংসনীয় ৷ বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ লগত ইথিঅ'পিয়াৰ দীৰ্ঘদিনীয়া যুদ্ধ আৰু সংঘাত নিৰাময়ৰ ক্ষেত্ৰত তেওঁ আৰম্ভ কৰা শান্তি প্ৰক্ৰিয়াৰ কাৰণে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে ৷"

উল্লেখযোগ্য যে, দুই আফ্ৰিকীয় দেশ ইথিঅ'পিয়া আৰু ইৰিট্ৰিয়া মাজত সীমা বিবাদক কেন্দ্ৰ কৰি 1998 চনৰ পৰা 2000 চনলৈকে প্ৰায় দুবছৰ যুদ্ধ চলিছিল ৷ কিন্তু বহুবিৰতিৰ পাছত 2018 চনত প্ৰধানমন্ত্ৰী আবী আহমিদৰ নেতৃত্বতেই দুইখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক পুনৰ সুদৃঢ় হৈ উঠিছিল ৷

43 বছৰীয়া আবী আহমেদ আফ্ৰিকা মহাদেশৰ সকলোতকৈ যুৱ প্ৰধানমন্ত্ৰী ৷ এসময়ত দুৰ্ভিক্ষই কোঙা কৰা দৰিদ্ৰ ৰাষ্ট্ৰ ইফিঅ'পিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ উঠিছে ইথিঅ'পিয়াবাসী ৷ পুৰস্কাৰ ঘোষণাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বাৰ্তা যোগে এই সাফল্য সকলো দেশবাসীৰ নামত উৎসৰ্গা কৰিছে ৷ য'ত প্ৰধানমন্ত্ৰী আবী হামিদে কৈছে যে এখন ৰাষ্ট্ৰ হিচাপে আমি গৌৰবান্বিত ৷

ABOUT THE AUTHOR

...view details