ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: নাইজেৰিয়াৰ উত্তৰ-পূৱৰ ৰাজ্য ব'ৰ্ণ'ৰ এখন গাঁৱত ব'ক' হৰম সেনাই কৰা আক্ৰমণত মৃত্যু হোৱা কৃষকৰ সংখ্যা ১১০ জনলৈ বৃদ্ধি হৈছে । গুৰুতৰভাৱে আহত হয় বহু কৃষক। ৰাষ্ট্ৰসংঘৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ সদস্য আৰু মানৱতাবাদী সমন্বয়ক নাইজেৰিয়াৰ এডৱাৰ্ড কেল্লনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। শনিবাৰে ব'ক' হৰম সেনাই বহু মহিলাক অপহৰণ কৰা ঘটনাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেল্লনে।
সিন্হুৱাৰ আগত আগবঢ়োৱা ভাষ্যত কেল্লনে কয় যে, 'মই ব'ৰ্ণ' ৰাজ্যৰ ৰাজধানী মৈদুগুৰিৰ সমীপৰ গাঁৱত ব'ক' হৰম সেনাই কৰা আক্ৰমণক লৈ ভীতিগ্ৰস্ত হৈছো । ১১০ গৰাকী নিৰীহ নাগৰিকক নিষ্ঠুৰভাৱে হত্যা কৰা হ'ল আৰু বহু লোক আহত হৈছে । ৰাষ্ট্ৰসংঘ আৰু মানবতাবাদী গোটে ব'ৰ্ণ' ৰাজ্যৰ দুৰ্বল শ্ৰেণীৰ জীৱন ৰক্ষা আৰু আক্ৰমণৰ বলি হোৱা লোকক সহায় আগবঢ়াইছে । অৱশ্যে নিৰ্যাতনৰ বলি হোৱা 'জবৰমাৰী' সম্প্ৰদায়ৰ কৃষকসকলে কছেবে গাঁৱত বাস কৰে ।' আনহাতে প্ৰত্যক্ষদৰ্শীয়ে কয় যে, কিছুসংখ্যক কৃষকে ব'ক' হৰম সেনাৰ এজন সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।