নিউজ ডেস্ক, 26 ডিচেম্বৰ:আদিছ আবাবাৰ ইথিয়োপিয়াৰ বেনিশাংগুল-গামুজত সশস্ত্ৰ বাহিনীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭ লৈ বৃদ্ধি পাইছে ৷ দেশৰ সংঘ অধিকাৰ গোটে প্ৰকাশ কৰে এই কথা । ইথিয়োপিয়াৰ মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰে অনুসৰি নিহতসকল 133 জন পুৰুষ, 35 গৰাকী মহিলা, 20 গৰাকী বৃদ্ধ ব্যক্তিৰ লগতে 17 টা শিশুও আছে ৷
ইথিয়োপিয়াৰ বেনিশাংগুল-গামুজত মঙলবাৰে নিশা সশস্ত্ৰ বাহিনীৰ লোকে একাংশ বাসিন্দাক শুই থকা অৱস্থাত বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে গুলিয়াই হত্যা কৰিছিল । সিন্হুৱা সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ কৰা মতে, নিহত লোকসকলক পৰিচয় পত্ৰ আৰু জীৱিত লোকৰ সহযোগত চিনাক্ত কৰাৰ চেষ্টা কৰা হৈছে ৷ তদুপৰি নিহত লোকসকলৰ চিনাক্তকৰণ, পঞ্জীয়ন আৰু শেষকৃত্য প্ৰক্ৰিয়াৰ বাবে আৰক্ষী, আঞ্চলিক কৰ্তৃপক্ষ আৰু জেনেৰেল এট'ৰ্নি কাৰ্যালয়ৰ সদস্যসকলক লৈ এখন সমিতি এখন গঠন কৰা হৈছে ।