অসম

assam

By

Published : Jun 5, 2020, 10:43 AM IST

ETV Bharat / international

COVID-19 ৰ ফলত 265 মিলিয়ন লোকে ভোকত দিন কটাব লাগিব : অধ্যয়ন

কৰ'ণা ভাইৰাছ মহামাৰীৰ লগতে প্ৰায় 265 মিলিয়ন লোক ক্ষুধা মহামাৰীতো ভুগিব ৷ Centre for Science and Environment (CSE) ৰ দ্বাৰা এক গৱেষণা পত্ৰত এই কথা প্ৰকাশ পাইছে ৷

অধ্যয়ন
COVID-19 ৰ ফলত 265 মিলিয়ন লোকে ভোকত দিন কটাব লাগিব

ইন্টাৰনেশ্যনেল ডেস্ক, 5 জুন : COVID-19 মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰে 265 মিলিয়ন লোক অনাহাৰে থাকিব লগা হ'ব ৷ আনহাতে, 12 মিলিয়ন ভাৰতীয় লোকৰ বাবে ক্ষুধা নিবাৰণ কৰাটো কষ্টকৰ হৈ পৰিব বুলি অধ্যয়নত প্ৰকাশ ৷

Centre for Science and Environment (CSE) ৰ দ্বাৰা প্ৰকাশিত 'State of India's Environment in Figures 2020' নামৰ গৱেষণা পত্ৰ অনুসৰি, মহামাৰীৰ ফলত ভাৰতীয় অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ৷ যোৱা 22 বছৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বতে দৰিদ্ৰতা বৃদ্ধি পাব ৷

গৱেষণা পত্ৰ অনুসৰি, বিশ্বৰ আধাসংখ্যক জনসংখ্যাই লকডাউন অথবা কন্টেইন্টমেন্ট জ'নৰ অধীনত আছে ৷ এই লোকসকলে অতি কম পৰিমাণে উপাৰ্জন কৰাৰ লগতে কিছু সংখ্যকে কোনো উপাৰ্জন নকৰাকৈ আছে ৷ আনহাতে, উপাৰ্জন কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে 40-60 মিলিয়ন লোক অত্যধিক দৰিদ্ৰতাত জীৱন নিৰ্বাহ কৰিব লাগিব ৷ এই তালিকাত ভাৰতৰো 12 মিলিয়ন লোক থাকিব আৰু ভাৰতৰ এই সংখ্যা অন্য দেশৰ তুলনাত সৰ্বাধিক বুলি অধ্যয়নত প্ৰকাশ ৷

উল্লেখ্য যে, এই গৱেষণা পত্ৰখন বৃহস্পতিবাৰে অ'নলাইন যোগে প্ৰায় 300 লোকৰ উপস্থিতিত প্ৰকাশ পাইছিল ৷ এই পত্ৰত কোৱা হৈছে যে, নৰ্থ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়াত নতুন কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা স্থিৰ হৈ আছে যদিও লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ দেশসমূহ নতুনকৈ হটস্পট হিচাপে পৰিচিত হৈছে ৷

গৱেষণা পত্ৰখনে কয়, বিশ্বৰ 9 খন অত্যধিক আক্ৰান্ত দেশৰ ভিতৰত অন্যতম ভাৰত আৰু ব্ৰাজিলেই লকডাউনত শিথিলতা প্ৰদান কৰিছে ৷ কিন্তু, এই দুই দেশত প্ৰতিদিনে নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিছে ৷

ABOUT THE AUTHOR

...view details