নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা দূৰত থকা দেশসমূহক বিশ্ব স্বাস্থ্য সংস্থাৰ আন এটা সতৰ্কবাণী । সংস্থাটোৰ মহাপৰিচালক টেড্ৰ'ছ এধান'ম ঘেব্ৰয়েছুছে সোমবাৰে বিশ্বকে Covid-19 ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ আহ্বান জনায় ।
ভাৰ্চুৱেল নিউজ ব্ৰিফিঙত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধানগৰাকীয়ে, আফ্ৰিকা, পূব ইউৰোপ, লেটিন আমেৰিকা আৰু অন্যান্য এছিয়ান দেশত ক্ৰমবৰ্ধমান প্ৰৱণতাক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে । এই অঞ্চল সমূহত অন্যান্য় দেশৰ তুলনাত আক্ৰান্ত বা মৃত্যু সংখ্যা কম কাৰণ পৰীক্ষা কৰাৰ ক্ষমতা কম বুলি উল্লেখ কৰে । আনহাতে যদি আমি ঐক্যবদ্ধ ভাৱে যুঁজ নিদিও তেন্তে এই ভাইৰাছক প্ৰতিহিত কৰিবলৈ সক্ষম নহ'ম বুলি কয় । ঐক্যবদ্ধ নহ'লে আমাৰ মাজত থকা মত-বিৰোধৰ মাজত এই ভাইৰাছে ধ্বংসস্তূপৰ সৃষ্টি কৰি যাব । এনেকৈ বহু লোকৰ প্ৰাণ যাব বুলি কয় ঘেব্ৰয়েছুছে ।