ইন্টাৰনেশ্বনেল ডেস্ক, 28 ডিচেম্বৰঃশনিবাৰে ৰাতিপুৱাৰ ভাগত এক বিধ্বংসী বিস্ফোৰণে কপাই তোলে ছোমালিয়াৰ ৰাজধানী চহৰ মোগাদিশুক ৷ চহৰখনৰ এক ব্যস্ত সুৰক্ষা চকীত কাৰ বোমাৰ দ্বাৰা সংঘটিত হোৱা বিস্ফোৰণটোত নিহত হয় 76ৰো অধিক লোক ৷ দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ বিস্ফোৰণৰ ফলত আন 50গৰাকী লোক আহত হোৱাৰ লগতে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব লাগে বুলি প্ৰকাশ কৰিছে চৰকাৰী মুখপাত্ৰ ইছমাইল মুখতাৰে ৷ বিস্ফোৰণত নিহতসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আছিল আৰু শিক্ষাগ্ৰহণৰ বাবে যাবলৈ লোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় ৷ সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ শাখা সংগঠন অল-চাবাবে ইতিমধ্যেই এই বিস্ফোৰণৰ দ্বায়িত্ব স্বীকাৰ কৰিছে ৷
বিধ্বংসী কাৰ বোমা বিস্ফোৰণত নিহত 76 জনকৈ লোক - Somalia Car bomb Blast
ছোমালিয়াৰ ৰাজধানীত সংঘটিত হোৱা বিধ্বংসী কাৰ বোমা বিস্ফোৰণত নিহত হয় সৰ্বাধিক 76 গৰাকী লোক ৷ ৰাজধানী মোগাদিশুত শনিবাৰে ৰাতিপুৱাৰ ভাগত অল-কায়দা সন্ত্ৰাসবাদী সংগঠনৰ শাখা অল-চাবাবে এই বিস্ফোৰণ সংঘটিত কৰে ৷
বিধ্বংসী কাৰ বোমা বিস্ফোৰণ
ইয়াৰ পূৰ্বে 2017 চনৰ অক্টোৱৰ মাহটো সন্ত্ৰাসবাদী সংগঠনটোৱে এক কাৰ বোমা বিস্ফোৰণ ঘটাইছিল আৰু বিস্ফোৰণত 500ৰো অধিক লোক নিহত হৈছিল ৷