ইন্টাৰনেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : ছোমালিয়াৰ ৰাজধানীৰ এখন আইছক্ৰীমৰ দোকানত আত্মঘাতী বোমা আক্ৰমণত নিহয় হয় সাতগৰাকী লোক ৷ এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছে অল কায়দাৰে জড়িত অল ছাদাব নামৰ উগ্ৰপন্থী সংগঠনে ৷
আমেৰিকাৰ কূটনীতিবিদ আৰু সৈন্য বাহিনীৰ জোৱানৰ সৈতে সাক্ষাতৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব ক্ৰিষ্টোফাৰ মিলাৰ মোগাদিশুত উপস্থিত হোৱাৰ কিছু ঘন্টা পাচতে সংঘটিত হয় এই আক্ৰমণ ৷