অসম

assam

ETV Bharat / international

ধুমুহা-বৰষুণৰ কালৰূপঃ দক্ষিণ আফ্ৰিকাত 51জনৰ মৃত্যু - etv bharat

দেশখনৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফচিয়াই প্ৰকাশ কৰে অনুসৰি  প্ৰায় এহেজাৰগৰাকীতকৈও অধিক লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বহুকেইটা উদ্ধাৰকাৰী বাহিনীক নিয়োগ কৰাৰ লগতে ভুক্তভোগীসকলক সহায়ৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি অহা বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

etv bharat

By

Published : Apr 25, 2019, 4:08 AM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ বুধবাৰে প্ৰচণ্ড ধুমুহা বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰে দক্ষিণ আফ্ৰিকাত ৷ ধুমুহা-বৰষুণৰ ফলত দক্ষিণ আফ্ৰিকাত কমেও 51 গৰাকী লোকে মৃত্যুক সাবটি লৈছে ৷ নিহতসকলৰ ভিতৰত দুটি শিশুও আছে ৷ দক্ষিণ আফ্ৰিকাৰ প্ৰশাসনিক বিষয়াই প্ৰকাশ কৰা অনুসৰি পূব কেপৰ প্ৰদেশ অঞ্চল আৰু কুৱাজুলু-নাটালত ধুমুহা-বৰষুণৰ অধিক প্ৰভাৱ পৰে ৷

দেশখনৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফচিয়াই প্ৰকাশ কৰে অনুসৰি প্ৰায় এহেজাৰগৰাকীতকৈও অধিক লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বহুকেইটা উদ্ধাৰকাৰী বাহিনীক নিয়োগ কৰাৰ লগতে ভুক্তভোগীসকলক সহায়ৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি অহা বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details