ইন্টাৰনেশ্যনেল ডেস্ক, 16 নৱেম্বৰ :ইথিওপিয়াৰ মানৱ অধিকাৰ আয়োগে (EHRC) জানিবলৈ দিয়া অনুসৰি, দেশখনত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত নিহত হৈছে 34 গৰাকী লোক ৷ সংবাদ প্ৰতিষ্ঠান জিনহোৱালৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত EHRC য়ে কয় যে, ইথিওপিয়াৰ পশ্চিমীয়া বেনিশানগুল-গুমুজ অঞ্চলত এই আক্ৰমণ সংঘটিত হয় ৷
বেনিশানগুল-গুমুজ অভিমুখী যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত 34 জনকৈ লোক নিহত হয় ৷ বিবৃতিত আক্ৰমণকাৰী সংগঠনৰ নাম উল্লেখ নকৰাৰ লগতে আক্ৰমণৰ কাৰণো দৰ্শোৱা নাই ৷