নিউজ ডেস্ক, ২২ অক্টোবৰঃবুধবাৰে নাইজেৰিয়াৰ লাগোছত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল দুটাকৈ বৃহৎ প্ৰতিবাদকাৰী দল ৷ এই সমদলত ভাগ লোৱা প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰা গুলীবৰ্ষণত 12 গৰাকীকৈ লোক নিহত হোৱা বুলি এমনেষ্টী ইন্টাৰনেচনেলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷
কেইবাজনো সাক্ষীয়ে দিয়া ভাষ্য মতে, মঙ্গলবাৰে নিশা নাইজেৰিয়াৰ সৰ্ববৃহৎ চহৰৰ লেককিত কেইবা ঘণ্টা পূৰ্বে জাৰি কৰা সান্ধ্য আইন অবজ্ঞা কৰি সমবেত হোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ।
স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি গুলীচালনা কৰাৰ সময়ত সহশ্ৰাধিক লোক সেই স্থানত উপস্থিত আছিল ৷ সাক্ষীয়ে দিয়া লোক সকলৰ মতে, স্থানীয় সময় অনুসৰি সন্ধিয়া 7 মান বজাত এই ঘটনা সংঘটিত হৈছিল ৷