বৰপেটা ৫ জুন :আজি বিশ্ব পৰিৱেশ দিৱস । প্ৰতিবছৰৰ দৰে এইবছৰো বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে ৰাজ্যৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে । দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে বিৰিণা গোষ্ঠী অসমে । চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ডিএচপি অনিল চৌধুৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰাৰ পিছত গোষ্ঠীৰ সদস্যসকলেও ৰোপণ কৰে গছপুলি ।
বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ - বিশ্ব পৰিবেশ দিৱস
দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে বিৰিণা গোষ্ঠী অসমে ।
![বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ world environment day celebrate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:55-as-bar-801to802-5jun-world-environment-day-visphoto-7203841-05062020132839-0506f-1591343919-731.jpg)
বিশ্ব পৰিৱেশ দিৱস পালন বিৰিণা গোষ্ঠীৰ
বিৰিণা গোষ্ঠী অসমে লক ডাউনৰ চৰকাৰী নীতি-নিয়ম মানি সামাজিক দুৰত্ব বজাই ৰাখি পালন কৰে বিশ্ব পৰিৱেশ দিৱসৰ । ইয়াৰ উপৰিও গোষ্ঠীটোৰ বিভিন্ন জিলাত থকা সদস্যসকলেও নিজ নিজ এলেকাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে চাওকঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে পালন বিশ্ব পৰিৱেশ দিৱস