অসম

assam

ETV Bharat / headlines

নিজ গৃহ জিলালৈ উভতি অহা শ্ৰমিকক সাহাৰ্য উত্তৰ প্ৰদেশ চৰকাৰৰ - শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান

বিভিন্ন জিলাৰ পৰা উত্তৰ প্ৰদেশৰ নিজ গৃহ জিলালৈ উভতি অহা মুঠ ১০ লাখ শ্ৰমিকক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰে । লগতে শ্ৰমিকসকলক অতি শীঘ্ৰেই কৌশল বিকাশ যোজনাৰ অধীনত প্ৰশিক্ষণ দিয়া হ'ব,ঋণ প্ৰদান কৰা হ'ব আৰু ৰোজগাৰ দিয়া হ'ব ।

নিজ গৃহ জিলালৈ উভতি অহা শ্ৰমিকলৈ আৰ্থিক সাহাৰ্য উত্তৰ প্ৰদেশ চৰকাৰৰ
নিজ গৃহ জিলালৈ উভতি অহা শ্ৰমিকলৈ আৰ্থিক সাহাৰ্য উত্তৰ প্ৰদেশ চৰকাৰৰ

By

Published : Jun 13, 2020, 9:48 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুন: লক ডাউনৰ সময়ত আবদ্ধ বিভিন্ন জিলাৰ পৰা উত্তৰ প্ৰদেশৰ নিজ গৃহ জিলালৈ উভতি অহা ১০ লাখ শ্ৰমিকক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে প্ৰত্যকৰে বেংক একাউণ্টত আৰ্থিক সাহাৰ্য প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে মুঠ ১০৪.৮২ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰে শ্ৰমিকসকলক ।

নিজ গৃহ জিলালৈ উভতি অহা শ্ৰমিকলৈ আৰ্থিক সাহাৰ্য উত্তৰ প্ৰদেশ চৰকাৰৰ

লক ডাউনৰ ফলত আৰ্থিক সংকটত ভোগা উত্তৰ প্ৰদেশৰ শ্ৰমিকসকলক পুনঃসংস্থাপনৰ বাবে চৰকাৰে এই সাহাৰ্য প্ৰদান কৰে । ইয়াৰ লগতে ১৫ দিনৰ খাদ্য সামগ্ৰী, আটা আৰু চাউল ১০ কিলো,আলু ৫ কিলো,দাইল ২ কিলো,বুট আৰু নিমখ ৫০০ গ্ৰাম প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী যোগীয়ে জানিবলৈ দিয়ে ।

লগতে তেওঁ সদৰী কৰে যে,শ্ৰমিকসকলক অতি শীঘ্ৰেই কৌশল বিকাশ যোজনাৰ অধীনত প্ৰশিক্ষণ দিয়া হ'ব,ঋণ প্ৰদান কৰা হ'ব আৰু ৰোজগাৰ দিয়া হ'ব । শ্ৰমিকসকলক সহায় কৰিবলৈ চৰকাৰী বিষয়াসকলক দল গঠন কৰি দিয়া হৈছে আৰু তেওঁলোকে প্ৰত্যেককে শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান কৰিব ।

লগতে পঢ়ক: অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ABOUT THE AUTHOR

...view details