নেশ্যনেল ডেস্ক, ৮ জুন : লক ডাউনৰ ফলত বন্ধ হৈ থকা পূজাস্থলীসমূহ কেন্দ্ৰীয় চৰকাৰে খোলাৰ নিৰ্দেশ দিয়াৰ পিছতে সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও পূজা-অৰ্চনাৰ বাবে গোৰখনাথ মন্দিৰত উপস্থিত হয় । ইতিমধ্যে সোমবাৰে পুৱাৰ পৰাই গোৰখনাথ মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হয় । মন্দিৰত প্ৰৱেশৰ পূৰ্বে ভক্তসকলক থাৰ্মেল স্ক্ৰীণিং কৰাৰ বাবে সন্যাসী ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
গোৰখনাথ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ - গোৰখনাথ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে গোৰখনাথ মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে। লক ডাউনৰ ফলত বন্ধ হৈ থকা পূজাস্থলীসমূহ সোমবাৰৰ পৰা খোলাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে ।
গোৰখনাথ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ
জিলাখনৰ মুৰাদাবাদৰ ধৰ্মীয় স্থানসমূহত সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে জিলা মেজিষ্ট্ৰেটে সেই ঠাইৰ মন্দিৰসমূহ এতিয়াই খোলাৰ নিষেধাজ্ঞা জাৰি কৰে । ইফালে কানপুৰৰ বৈষ্ণৱ লক্ষ্মী মন্দিৰৰ দুৱাৰো সংক্ৰান্তিৰ পিছতহে সোমবাৰে খুলি দিয়ে মন্দিৰ কৰ্তৃপক্ষই । এই মন্দিৰটোতো ভক্তসকলক থাৰ্মেল স্ক্ৰীণিং কৰাইহে ভিতৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক: এটা দৰিদ্ৰ পৰিয়ালৰ জীয়া কাহিনী