অসম

assam

ETV Bharat / headlines

বলিউডে শিশুসকলক অস্বাস্থ্যকৰ ব্যৱহাৰৰ প্ৰতি উদ্গনি যোগাইছে: গৱেষণা

বিজ্ঞান সম্পৰ্কীয় আলোচনী PLOS Oneত প্ৰকাশিত অনুসৰি,বলিউড ছবিৰ মাধ্যমেৰে কিশোৰৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে সকলো লোকে ধূমপান,এলকহলকে ধৰি দামী ফাষ্ট ফুডজাতীয় সামগ্ৰীৰ প্ৰতি অধিক নিচাসক্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

বলিউডে শিশুসকলক আস্বাস্থ্যকৰ ব্যৱহাৰৰ প্ৰতি উদগনি যোগাইছে: গৱেষণা
বলিউডে শিশুসকলক আস্বাস্থ্যকৰ ব্যৱহাৰৰ প্ৰতি উদগনি যোগাইছে: গৱেষণা

By

Published : Jun 8, 2020, 5:57 PM IST

Updated : Jun 8, 2020, 8:16 PM IST

নেশ্যনেল ডেস্ক, ৮ জুন: এক গৱেষণাই সদৰী কৰা মতে,বলিউডে দুই দশক ধৰি এলকহল আৰু ফাষ্ট ফুড জাতীয় সামগ্ৰী প্ৰচাৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে । এখন বিজ্ঞান সম্পৰ্কীয় আলোচনী PLOS Oneত প্ৰকাশিত অনুসৰি,বলিউড ছবিবোৰৰ মাধ্যমেৰে কিশোৰৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে সকলো লোকে ধূমপান,এলকহলকে ধৰি ফাষ্ট ফুডজাতীয় সামগ্ৰীৰ প্ৰতি অধিক নিচাসক্ত হৈ পৰিছে ।

Global Policy and Research, Policy, Advocacy and Communication, Vital Strategiesৰ উপাধ্যক্ষ ড০ নন্দিতা মুৰুকুটলাই এই সন্দৰ্ভত কয় যে, বলিউড ছবিবোৰে সময়ভেদে কিছুমান অগ্ৰহণযোগ্য দৃশ্যৰে ল'ৰা-ছোৱালীসকলৰ মন-মগজুত বেয়া প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । এই গৱেষণাই যাতে ছবিবোৰত দেখুওৱা কিছুমান ঋণাত্মক দিশ নাশ কৰাত সহায় কৰে, কিয়নো ইয়াত হৃদৰোগ আৰু কৰ্কটৰ দৰে ভয়ংকৰ বেমাৰো জড়িত হৈ আছে বুলি উপাধ্যক্ষগৰাকীয়ে আশা কৰিছে ।

১৯৯৪-২০১৩ৰ এই সময়ছোৱাৰ প্ৰায় ৩০০ খন ছবিৰ ৯৩ শতাংশ ছবিত এলকহলৰ দৃশ্য আছে বুলি এই গৱেষণাত প্ৰমাণিত হৈছে। আনহাতে,৭০ শতাংশ ছবিত পৰিমাণৰ এটাকৈ ধূমপানৰ দৃশ্য দেখুওৱা হৈছে আৰু ২১ শতাংশ ছবিত ফাষ্ট ফুডৰ দৃশ্য উপলব্ধ হৈ আছে ।

ধূমপাণৰ দৃশ্য প্ৰতিখন ছবিয়ে ৪ বাৰকৈ দেখুৱায়, এলকহলক প্ৰতিখন ছবিত ৭ বাৰকৈ দেখুওৱা হয় আৰু দামী ফাষ্ট ফুডক প্ৰতিখন ছবিয়ে ০.৪ বাৰকৈ দেখুৱায় বুলি গৱেষকে জানিবলৈ দিয়ে । গৱেষকে কয় যে, বিশ্লেষক পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানে বলিউড ছবি উপভোগৰ ক্ষেত্ৰত কিছু নিয়ম বান্ধি দিয়ে ।

লগতে পঢ়ক: ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে

Last Updated : Jun 8, 2020, 8:16 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details