মুম্বাই, ৬ জুন: দীৰ্ঘ বিৰতিৰ পাছত পুনৰ বিগ স্কীনত দেখা যাব বলিউডৰ বাদশ্বাহ শাহৰুখ খানক । শীঘ্ৰে আৰ মাধৱনৰ ৰকেট্রি আৰু অয়ন মুৰ্খাজীৰ ব্রহ্মাস্ত্রত বিশেষ ভূমিকাত দেখা যাব বলিউডৰ বাদশ্বাহক । অৱশ্যে ৰকেট্রি আৰু ব্রহ্মাস্ত্রৰ নিৰ্মাতা এই সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই যদিও বিশেষ সূত্ৰে জানিব পৰা অনুসৰি যোৱা বৰ্ষতে ছবি দুখনৰ শ্বুটিঙৰ কাম সম্পূৰ্ণ কৰিছে শাহৰুখ খানে ।
ৰকেট্রি আৰু ব্রহ্মাস্ত্রত বিশেষ ভূমিকাত দেখা যাব বলিউডৰ বাদশ্বাহক
২০১৮ চনত ঘৰুৱা বেনাৰ নিৰ্মিত ছবি জিৰ'ত শেষবাৰৰ বাবে দেখা গৈছিল অভিনেতাগৰাকীক ।
Shah Rukh Khan to feature in Brahmastra, Rocketry?
বলিউডৰ বাদশ্বাহ শাহৰুখ খানক ২০১৮ চনত ঘৰুৱা বেনাৰ নিৰ্মিত ছবি জিৰ'ত শেষবাৰৰ বাবে দেখা গৈছিল । অভিনেতাগৰাকীৰ আগন্তুক ছবিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে গুণমুগ্ধই । বহু সময়ত অভিনেতাগৰাকীৰ গুণমুগ্ধই তেঁওৰ আগন্তুক ছবিৰ কথা সুধি ছ'চিয়েল মিডিয়াতো ব্যতিব্যস্ত কৰি তোলা দেখা গৈছে ।এনে সময়ত অভিনেতাগৰাকীয়ে মূল চৰিত্ৰৰ পৰিৱৰ্তে বিশেষ ভূমিকাত বিগ স্কীনত প্ৰত্যাৱৰ্তন কৰা খবৰেও উৎসাহী কৰি তুলিছে গুণমুগ্ধক ।