অসম

assam

By

Published : Dec 19, 2020, 4:04 PM IST

ETV Bharat / headlines

পুনৰাই স্বাস্থ্য কৰ্মীৰ দেহত কোভিড ১৯ ৰ প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া

কোভিড ১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰি পুনৰ এগৰাকী স্বাস্থ্য কৰ্মী অসুস্থ হৈ পৰা দেখা গৈছে ৷ কৰ্মী গৰাকীয়ে এই প্ৰতিষেধকৰ দুটা ড’জ ফেয়াৰবেংকছ মেম’ৰিয়েল চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ পৰা গ্ৰহণ কৰিছিল ৷

পুনৰাই স্বাস্থ্য কৰ্মীৰ দেহত কোভিড ১৯ ৰ প্ৰতিষেধকৰ প্ৰতিক্ৰিয়া
পুনৰাই স্বাস্থ্য কৰ্মীৰ দেহত কোভিড ১৯ ৰ প্ৰতিষেধকৰ প্ৰতিক্ৰিয়া

ফেয়াৰবেংকছ,১৯ ডিচেম্বৰ :পুুনৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে কোভিড ১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰি অসুস্থ হৈ পৰিছে ৷ আলাস্কাত সংঘটিত হৈছে এই ঘটনা ৷ মহিলা স্বাস্থ্য কৰ্মীগৰাকীয়ে এই প্ৰতিষেধক গ্ৰহণৰ ১০ মিনিটৰ পিছত জিভা ফুলি অহাৰ উপৰিও শ্বাস লোৱাত কষ্ট অনুভৱ কৰে ৷

মহিলাগৰাকীয়ে এই প্ৰতিষেধকৰ দুটা পালি গ্ৰহণ কৰে ফেয়াৰবেংকছ মেম’ৰিয়েল চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ পৰা ৷ অৱশ্যে প্ৰতিষেধক গ্ৰহণৰ ৬ ঘণ্টা পিছত মহিলাগৰাকীক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয় ৷

প্ৰথমটো ঘটনা বৃহস্পতিবাৰে সংঘটিত হৈছিল দেশখনৰ জুনেউৰ বাৰলেট্ট আঞ্চলিক চিকিৎসালয়ত ৷ মহিলাা কৰ্মী এগৰাকীয়ে কোভিড ১৯ ৰ প্ৰতিষেধক গ্ৰহণৰ পিছত এলাৰ্জীজনিত সমস্যাত ভোগাত চিকিৎসাধীন হ’বলগা হয় ৷ এই ঘটনাৰ পিছদিনা অন্য এগৰাকী কৰ্মচাৰীয়ো অনুৰূপ সমস্যাত ভোগে যদিও চিকিৎসা গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ’ল ৷

ABOUT THE AUTHOR

...view details