কৰিমগঞ্জ, 11 অক্টোবৰঃ শাৰদীয় দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ অন্ত পৰাৰ লগে লগেই ৰাজ্যৰ চাৰিওটা সমষ্টিতে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাতাবাৰী সমষ্টিতো বলিছে উপনিৰ্বানচনৰ গৰম বতাহ ৷ সমষ্টিৰ চুকে-কোণে ভীৰ কৰিছে ৰাজনৈতিক নেতাই ৷ ৰিপুন বৰা, প্ৰদ্যুত বৰদলৈ, ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ্য দে' পুৰকায়স্থ, ছিদ্দিক আহমেদ আদিকে ধৰি কংগ্ৰেছৰ জিলা স্তৰৰ নেতৃত্বই দিনে নিশাই প্ৰাৰ্থী কেশৱ ৰজকৰ হৈ প্ৰচাৰ চলাইছে সমষ্টিটোত ৷
ৰাতাবাৰী সমষ্টিত উপনিৰ্বানচনৰ বতাহ
তুংগত উঠিছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচনৰ প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছ বিজেপি উভয় দল ৷
ৰাতাবাৰী সমষ্টিত উপনিৰ্বানচনৰ বতাহ
আনহাতে, বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাই আছে সাংসদ কৃপানাথ মাল্লা, বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্য আদিকে ধৰি জিলা স্তৰৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক : জনিয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ
Last Updated : Oct 11, 2019, 10:44 PM IST