নেশ্যনেল ডেস্ক, ২২ জুন : ৰাজধানী দিল্লী সোমবাৰে হোৱা তীব্ৰ বৃষ্টিপাতে দিল্লীৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত কৰে । ভাৰতীয় ঋতু বিজ্ঞান বিভাগ (IMD)য়ে অনুমান কৰে যে,সোমবাৰে ৰাজধানী দিল্লীত পাতলীয়া বৰষুণৰ সৈতে আকাশ মেঘাচ্ছন্ন হৈ থাকিব ।
উল্লেখ্য যে, বিগত দুদিন ধৰি ৰাজধানী দিল্লীত তীব্ৰ বৰষুণৰ লগতে ধুমুহাও বলা পৰিলক্ষিত হৈছে । সেয়েহে এতিয়া দিল্লীৰ তাপমান ৪০ ডিগ্ৰী ছেলছিয়াচতকৈ বেছি হৈ গৈছে । শুকুৰবাৰে আই.এম.ডিয়ে সদৰী কৰা মতে,আগন্তুক ২৫ জুনৰ আশে-পাশে দিল্লী আৰু হাৰিয়ানাত এছ.ডব্লিউ বতৰৰ অগ্ৰগতিৰ বাবে পৰিস্থিতি অনুকূল হোৱাৰ সম্ভাৱনা আছে ।