অসম

assam

কৃষকৰ আত্মহত্যাক লৈ উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ

By

Published : Jun 5, 2020, 4:12 PM IST

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশ চৰকাৰলৈ আঙুলি টোৱাইছে । কিয়নো উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ চিচোলী গাঁৱৰ এজন কৃষকে লক ডাউনৰ সময়ছোৱাত তেওঁ উৎপাদন কৰা কুঁহিয়াৰ বিক্ৰী কৰাত অসফল হয়,যাৰ ফলস্বৰূপে কৃষকজনে আত্মহত্যা কৰে ।

উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ
উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ

নেশ্যনেল ডেস্ক, ৫ জুন: ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ শুকুৰবাৰে উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা। কাৰণ,উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ চিচোলী গাঁৱৰ এজন কৃষকে লক ডাউনৰ সময়ছোৱাত তেওঁ উৎপাদন কৰা কুঁহিয়াৰ বিক্ৰী কৰাত অসফল হোৱাৰ বাবে আত্মহত্যা কৰে কৃষকজনে ।

উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ

এক টুইটযোগে প্ৰিয়ংকা গান্ধীয়ে কয় যে,কৃষকজনৰ আত্মহত্যাৰ লগে লগে বিজেপিও আত্মহত্যা কৰিছে। চেনি উৎপাদনকাৰী মিলসমূহক ১৪ দিনৰ ভিতৰত লোকচানৰ পৰা মুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কোটি কোটি টকা লোকচানৰ সৈতে মিলসমূহ বন্ধ কৰি দিয়ে বুলি সমালোচনা কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।

প্ৰিয়ংকা গান্ধীয়ে টুইটত আত্মহত্যা কৰা কৃষকজনৰ বিষয়টোও সংলগ্ন কৰে । বিগত ডেৰ বছৰৰ পৰা তেওঁ উত্তৰ প্ৰদেশৰ বিকাশৰ ক্ষেত্ৰত মাত মাতি আহিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: এসময়ৰ জনপ্ৰিয় "W দা" আজি ৰোগশয্যাত...

ABOUT THE AUTHOR

...view details