অসম

assam

ETV Bharat / headlines

পশ্চিম চম্পাৰণৰ গণ্ডক বেৰাজত শিবিৰ স্থাপন নেপালৰ - ভাৰত-নেপালৰ সীমা ছীল

নেপালৰ আৰক্ষী আৰু সুৰক্ষা বলৰ পুৰণি অস্ত্ৰসমূহ চীনৰ আধুনিক অস্ত্ৰ আৰু গুলী-বাৰুদৰ সৈতে সলনি কৰা হৈছে । নেপালৰ এগৰাকী ব্যক্তিয়ে সদৰী কৰে এই কথা ।

পশ্চিম চম্পাৰণৰ গণ্ডক বেৰাজত শিবিৰ স্থাপন নেপালৰ
পশ্চিম চম্পাৰণৰ গণ্ডক বেৰাজত শিবিৰ স্থাপন নেপালৰ

By

Published : Jun 29, 2020, 3:30 PM IST

নেশ্যনেল ডেস্ক, ২৯ জুন : ভাৰত আৰু নেপালৰ সীমা বিবাদৰ মাজতে ভাৰত-নেপালৰ সীমান্তৱৰ্তী বাল্মীকিনগৰ গণ্ডক বেৰাজত দুটা নতুন শিবিৰ প্ৰত্যক্ষ কৰা হৈছে । সূত্ৰই জনোৱা মতে, অহা সপ্তাহত নেপালে গণ্ডক বেৰাজত সেনাৰ সৈতে সহস্ত্ৰ আৰক্ষী বল (APF)ক সলনি কৰাৰ পৰিকল্পনা কৰিছে ।

নিজৰ নাম উল্লেখ নকৰিবলৈ কৈ নেপালৰ এগৰাকী ব্যক্তিয়ে কয় যে, নেপালৰ আৰক্ষী আৰু সুৰক্ষা বলৰ পুৰণি অস্ত্ৰসমূহ চীনৰ আধুনিক অস্ত্ৰ আৰু গুলী-বাৰুদৰ সৈতে সলনি কৰা হৈছে ।

ইয়াৰ মাজতে দুয়োখন দেশতে চলা লক ডাউনৰ বাবে ভাৰত-নেপালৰ সীমা ছীল কৰি দিয়া হয় আৰু যাত্ৰাসমূহ স্থগিত ৰখা হয় । জানিব পৰা মতে, লক ডাউনৰ সময়ছোৱাত নেপালে চনৌলী আৰু মহেশপুৰ (থুৰীবাৰী)ৰ সীমাত ১২ টা শিবিৰ স্থাপন কৰে, যত বিদেশী ভাষাৰ শব্দৰ দ্বাৰা ইংগিত প্ৰদান কৰা হয় ৷

পশ্চিম চম্পাৰণৰ গণ্ডক বেৰাজত শিবিৰ স্থাপন নেপালৰ

ABOUT THE AUTHOR

...view details