ডিফু, ১৮ জানুৱাৰী :যোৱা চাৰি ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ছয়টাকৈ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে(Six extremist group of Karbianglang) অস্ত্ৰ সম্বৰণ কৰি ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে ( Karbi peace accord ) ৷ এই শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা জিলাখনত শান্তি চুক্তিৰ দফা ২.৩কলৈ বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দেলন অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ চুক্তি স্বাক্ষৰিত কৰাৰ পিছত চুক্তিখনৰ পাহাৰীয়া খিলঞ্জীয়া লোকৰ সাংবিধানিক অধিকাৰ চুক্তিখনৰ উল্লেখিত ২.৩ নং দফাটোৱে খৰ্ব কৰিব বুলি শংকিত হৈ পৰিছে একাংশ দল-সংগঠন ৷
ইয়াৰে অংশ হিচাপে শেহতীয়াকৈ গঠন হোৱা জইণ্ট কো'অৰ্ডিনেছন কমিটি ফৰ প্ৰটেকছন অফ অট'নমি চমুকৈ 'JCCPA' শীৰ্ষক সংগঠনটোৰ উদ্যোগত উক্ত দাবীৰ সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মঙলবাৰে ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যানত সংগঠনটোৰ ভালে সংখ্যক নেতা-কৰ্মী সমবেত হৈ চুক্তিখনৰ উক্ত দফা বাতিলৰ দাবী জনাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদকাৰী সকলে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সুৰক্ষাৰ লগতে শান্তি চুক্তিৰ ২.৩ নং দফা বাতিল কৰাৰ দাবীত বিভিন্ন শ্ল'গান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰাও পৰিলক্ষিত হয় (Protest against clause of Karbi peace accord) ৷