অসম

assam

চলিত মাহত দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ : এক প্ৰতিবেদন

By

Published : Jun 21, 2020, 7:29 PM IST

দেশত জুন মাহত কৰ্ম নিয়োগৰ অভাৱৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে । এপ্ৰিল আৰু মে' মাহত ২৩.৫ শতাংশ হোৱাৰ বিপৰীতে জুনৰ প্ৰথম সপ্তাহত কৰ্ম নিয়োগৰ পৰিমাণ হ্ৰাস হৈ ১৭.৫ শতাংশ হৈছে আৰু দ্বিতীয় সপ্তাহত ১১.৬ শতাংশলৈ নিম্নগামী হয় ।

চলিত মাহত দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ : এক প্ৰতিবেদন
চলিত মাহত দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ : এক প্ৰতিবেদন

নেশ্যনেল ডেস্ক, ২১ জুন : চলিত মাহত দেশত কৰ্ম নিয়োগৰ অভাৱৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে । এপ্ৰিল আৰু মে' মাহত ২৩.৫ শতাংশ হোৱাৰ বিপৰীতে জুনৰ প্ৰথম সপ্তাহত কৰ্ম নিয়োগৰ পৰিমাণ হ্ৰাস হৈ ১৭.৫ শতাংশ হৈছে আৰু দ্বিতীয় সপ্তাহত ১১.৬ শতাংশলৈ নিম্নগামী হয় ।

Centre for Monitoring Indian Economy (CMIE)ৰ প্ৰতিবেদনত প্ৰকাশিত অনুসৰি, কৰ্ম নিয়োগৰ অভাৱৰ হাৰ দুগুণ হ্ৰাস পাইছে । কিয়নো শ্ৰমিকসকলৰ কামৰ অংশগ্ৰহণৰ পৰিমাণ বৃদ্ধি পাইছে । ১৪ জুনৰ পিছত শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ ৪০.৪ শতাংশ বৃদ্ধি পাইছে । এপ্ৰিল মাহৰ অন্তিম সপ্তাহলৈ এলপিআৰ সুস্থ হৈ উঠে । মেৰ আৰম্ভণিৰ পৰা এই হাৰ ৩৬ শতাংশলৈ বৃদ্ধি হৈ উৰ্ধগামী হয় ।

কৰ্ম নিয়োগৰ অভাৱ হ্ৰাস হৈ এলপিআৰ বৃদ্ধি হোৱা মানেই চাকৰিৰ সংখ্যা বৃদ্ধি পোৱা । বিশ্ববেংকৰ প্ৰতিবেদন অনুসৰি, ২০১৯ চনত বিশ্বজুৰি কৰ্ম সংস্থাপনৰ হাৰ ৫৭.৪ শতাংশ আছিল ।

ভাৰতত লক ডাউন আৰম্ভ হোৱাৰ পিছতে দেশত কৰ্ম নিয়োগৰ সংখ্যা ১০ শতাংশলৈ হ্ৰাস পাইছিল । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তিনিমাহৰ অন্তত কৰ্ম নিয়োগৰ হাৰ ৩৯.৫ শতাংশ আছিল । লক ডাউনৰ প্ৰথম সপ্তাহত এই হাৰ ২৯.৯ শতাংশলৈ হ্ৰাস পায় । অন্তিম সপ্তাহ অৰ্থাৎ ১৯ এপ্ৰিলত এই হাৰ ২৬.১ শতাংশলৈ নিম্নগামী হয় ।

অৱশেষত ১৪ জুনত ৩.৩ শতাংশ বৃদ্ধি হৈ কৰ্ম নিয়োগৰ সংখ্যা ৩২.৪ শতাংশলৈ উৰ্ধগামী হয় । আৰু চলিত সপ্তাহটো হৈছে সবাতোকৈ বেছি কৰ্ম নিয়োগৰ সংখ্যাৰ বৃদ্ধিৰ সপ্তাহ ।

লক ডাউনৰ সময়ত কাম হেৰুওৱা অধিকাংশ শ্ৰমিকে এতিয়া আকৌ কৰ্মৰ সুযোগ লাভ কৰিছে । কিন্তু কামত লাভৰ পৰিমাণো বৰ্তমানো কম হৈ আছে, কাৰণ কৰ্ম নিয়োগৰ অভাৱ সম্পূৰ্ণৰূপে কমি যোৱা নাই ।

শ্ৰম বজাৰৰ পুনঃসংস্থাপনৰ হাৰ চহৰতকৈ গাঁও অঞ্চলত অধিক বৃদ্ধি পাইছে । লক ডাউনৰ পূৰ্বে গ্ৰামীণ এলেকাত কৰ্ম নিয়োগৰ হাৰ ৯৫.৪ শতাংশলৈ বৃদ্ধি পাইছিল । আনহাতে, চহৰ অঞ্চলত এই হাৰ ৯৩.২ শতাংশতকৈও তললৈ নিম্নগামী হৈছিল ।

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details