নেশ্যনেল ডেস্ক, ২৪ জুন : ভাৰতে মঙলবাৰে ঘোষণা কৰা অনুসৰি, আগন্তুক দুবছৰত পেলেষ্টাইন শৰণাৰ্থীৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহাৰ্য আৰু নিৰ্মাণ পুঁজিত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ অৱদান আগবঢ়াব । ইয়াৰ লগতে, প্ৰশিক্ষণ আৰু গৃহ নিৰ্মাণ সংস্থাৰ মাধ্যমেৰে ক্ষমতা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে ।
UNRWAৰ মন্ত্ৰীস্তৰীয় সন্মিলন সম্বোধন কৰি বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে কয় যে, পেলেষ্টাইনৰ বাবে এক স্থিৰ সমৰ্থকৰূপে ভাৰতে লক্ষাধিক লোকক নিশ্চিত কৰাৰ পক্ষে আয়োজক দেশ, দাতা আৰু UNRWAৰ উদাৰ সমৰ্থনৰ লগতে কাম-কাজৰ সমৰ্থন কৰিছে । কোভিড-১৯ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ আৰ্থিক সমস্যা সমাধানৰ হেতু চৰকাৰী সম্পদসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে । অহা সপ্তাহত পেলেষ্টাইনত এক মেডিকেল চালান প্ৰেৰণ কৰা হ'ব ।