অসম

assam

ETV Bharat / headlines

ভাৰতক এছ-৪০০ ক্ষেপণাস্ত্ৰৰ আৱশ্যক

S-400 হৈছে S-300 উন্নতকৰণ সঁজুলি । এই ক্ষেপণাস্ত্ৰ প্ৰণালীটো Almaz-Anteyয়ে ২০০৭ চনত প্ৰস্তুত কৰি উলিয়াইছিল । ২০১৮ চনত ভাৰত আৰু ৰাছিয়াই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্লাডিমিৰ পুটিনৰ উপস্থিতিত বাৰ্ষিক দ্বি-পক্ষীয় সন্মিলনত ৫.৪ আৰৱীয় ডলাৰৰ ক্ষেপণাস্ত্ৰৰ চুক্তিত স্বাক্ষৰ কৰিছিল ।

ভাৰতক এছ-৪০০ ক্ষেপণাস্ত্ৰৰ আৱশ্যক
ভাৰতক এছ-৪০০ ক্ষেপণাস্ত্ৰৰ আৱশ্যক

By

Published : Jun 25, 2020, 9:02 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন : সময় বাগৰাৰ লগে লগে ভাৰত-চীনৰ মাজত সীমা বিবাদৰ সংঘৰ্ষ বৃদ্ধি পাবলৈ ধৰিছে । কিয়নো চীনে নিজৰ চালামী নীতিৰ সৈতে আক্ৰমণাত্মকভাৱে আগবাঢ়ি আছে আৰু ভাৰতৰ ভূমি দখলৰ প্ৰচেষ্টাৰে সেনা বাহিনীক মুক্ত আক্ৰমণৰ নিৰ্দেশ দিয়ে ।

ভৱিষ্যতে সীমা বিবাদৰ সমস্যা সমাধানৰ হেতু ভাৰতক S-400ৰ প্ৰয়োজন । S-400 Triumph হৈছে নাটো ৰাষ্ট্ৰসমূহৰ মাজত SA-21 Growler হিচাপে পৰিচিত এক সঁজুলি । ই এক দূৰত্বৰ ক্ষেপণাস্ত্ৰ, যিটো ৪০০ কিলোমিটাৰ দূৰলৈ অহা শত্ৰুতাপূৰ্ণ বিমান, ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণক ধ্বংস কৰিব পাৰে । এই যন্ত্ৰই বায়ু ৰক্ষা তন্ত্ৰক শক্তিশালী কৰিব আৰু প্ৰায় ৪,০০০ কিলোমিটাৰ দূৰৰ ভাৰত-চীন সীমাৰ সৈতে সংলগ্ন কৰিব ।

ভাৰতক এছ-৪০০ ক্ষেপণাস্ত্ৰৰ আৱশ্যক

S-400 হৈছে S-300 উন্নতকৰণ সঁজুলি । এই ক্ষেপণাস্ত্ৰ প্ৰণালীটো Almaz-Anteyয়ে ২০০৭ চনত প্ৰস্তুত কৰি উলিয়াইছিল । ২০১৮ চনত ভাৰত আৰু ৰাছিয়াই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্লাডিমিৰ পুটিনৰ উপস্থিতিত বাৰ্ষিক দ্বি-পক্ষীয় সন্মিলনত ৫.৪ আৰৱীয় ডলাৰৰ ক্ষেপণাস্ত্ৰৰ চুক্তিত স্বাক্ষৰ কৰিছিল ।

এই সঁজুলিটো চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ২০২৩ চনৰ এপ্ৰিল মাহৰ ভিতৰত বিস্তাৰিত কৰা হোৱাৰ কথা আছে যদিও চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লীত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে উল্লেখ কৰিছিল যে, বিতৰণৰ সময়সীমা ২০২৫ চনো হ'ব পাৰে, কিয়নো ক্ষেপণাস্ত্ৰৰ চুক্তিৰ মূল্য ১৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ।

সূত্ৰই জনোৱা মতে, চীনে প্ৰথমেই S-400 ক্ষেপণাস্ত্ৰ প্ৰণালী গ্ৰহণ কৰিছে । সেইবাবে ভাৰত অধিক চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক : পাকিস্তানক যুদ্ধ বিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই

ABOUT THE AUTHOR

...view details