অসম

assam

By

Published : Jun 10, 2020, 8:54 PM IST

ETV Bharat / headlines

জৰ্জ ফ্লোয়েডৰ অন্তিম সৎকাৰ সম্পন্ন

জৰ্জ ফ্লোয়েডৰ মৃত্যুত সমগ্ৰ আমেৰিকাবাসীয়ে শোক প্ৰকাশ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ফ্লোয়েডৰ পৰিয়ালে বগা ৰঙৰ কাপোৰ পৰিধান কৰি ফ্লোয়েডৰ অন্তিম সৎকাৰ কৰে । ফ্লোয়েডে এটা পৰিৱৰ্তনশীল সময় দি গ'ল বুলি তেওঁৰ ভাতৃ ৰোডনীয়ে শোক ব্যক্ত কৰে ।

জৰ্জ ফ্লোয়েডৰ অন্তিম সৎকাৰ সম্পন্ন
জৰ্জ ফ্লোয়েডৰ অন্তিম সৎকাৰ সম্পন্ন

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুন: জৰ্জ ফ্লোয়েডক‘বিগ ফ্লোয়েড’ হিচাপে আখ্যা দিয়া হৈছে । কাৰণ জৰ্জ ফ্লোয়েড আছিল এগৰাকী পিতৃ,ভাই,ক্ৰীড়াবিদ, সংৰক্ষক আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত এগৰাকী উৎসুক ব্যক্তি,যাক শ্বেতাংগ আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে ।

জৰ্জ ফ্লোয়েডৰ অন্তিম সৎকাৰ সম্পন্ন

ফ্লোয়েডৰ শেষকৃত্য সম্পন্নৰ পিছত শোক পালন কৰিবলৈ উপস্থিত হোৱা ৫০০ৰো অধিক লোকক দুদিনলৈকে হাউছটনত থকা চাৰ্চত ৰখা হৈছিল । হাউছটনৰ ৩ নং ৱাৰ্ডতে ফ্লোয়েডে ডাঙৰ-দীঘল হৈছিল যদিও সমগ্ৰ বিশ্বই তেওঁক মনত পেলাব । অন্তিম সৎকাৰৰ সময়ত স্তুতি চাৰ্চত শোক ব্যক্ত কৰি জৰ্জ ফ্লোয়েডৰ ভাতৃ ৰোডনীয়ে সদৰী কৰে এই কথা ।

জৰ্জ ফ্লোয়েডৰ অন্তিম সৎকাৰ সম্পন্ন

আমেৰিকাৰ ৩ খন চহৰত ৬ দিনৰ বাবে ফ্লোয়েডৰ মৃত্যুত শোক পালন কৰা হয় । ৰায়ফ'ৰ্ড উত্তৰ কেৰোলিনা,য'ত ফ্লোয়েডে জন্মগ্ৰহণ কৰিছিল, হাউছটন, য'ত তেওঁ ডাঙৰ-দীঘল হৈছিল আৰু মিনিয়াপোলিছ য'ত তেওঁৰ মৃত্যু হয় ।

ফ্লোয়েডৰ মৃত্যুৰ দুটা সপ্তাহত বহু ডাঙৰ ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ল,আৰক্ষীৰ দ্বাৰা সান্ধ্য আইন জাৰি কৰা হয়,বহু অকল্পনীয় কথাৰো উদ্ঘাটন হোৱা পৰিলক্ষিত হয় । ডজনতকৈও অধিক ফ্লোয়েডৰ পৰিয়ালৰ সদস্যই শুভ্ৰ ৰঙৰ কাপোৰ পৰিধান কৰাৰ লগতে ২-৪ ঘণ্টালৈকে শোক পালন কৰে । ইফালে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই সমগ্ৰ বৰ্ণ বৈষম্যবাদৰ বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছে ।

মৃত্যুৰ সময়ছোৱাত ফ্লোয়েডে কৰ'ণাৰ বাবে বন্ধ হোৱা মিনিয়াপোলিছৰ ক্লাৱৰ পৰা বাউন্সাৰ হিচাপে ওলাই আহিছিল । এখন দোকানৰ পৰা ২০ মিলিয়ন ডলাৰ জালনোটৰ সৰবৰাহৰ আৰোপত তেওঁক আৰক্ষীয়ে আটক কৰিছিল আৰু হত্যা কৰিছিল।

লগতে পঢ়ক: কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ শংকিত স্থানীয় ৰাইজ

ABOUT THE AUTHOR

...view details