গুৱাহাটী, ৫ জুন: মহানগৰীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । মহানগৰীৰ গোশালাৰ কৃষ্ণ নগৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, গীতানগৰৰ বাথৌ নগৰ আৰু গীতা মন্দিৰকনতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ।
গুৱাহাটীত নতুনকৈ চাৰিটা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ
ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত বৃদ্ধি কৰা হৈছে কন্টেইনমেন্ট জ'নৰো সংখ্যা ।
Four new Containment Zone Declaired in Guwahati
শেহতীয়াকৈ ৰাজ্যত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত কন্টেইনমেন্ট জ'নৰো সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে । ১৪ দিনৰ বাবে কন্টেইনমেন্ট জ'ন হিচাপে থাকিব এই স্থানসমূহ । স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ লোকে তদাৰক কৰিছে সকলো দিশ। গোশালা কৃষ্ণ নগৰত স্বাৱ পৰীক্ষা কৰাৰো ব্যৱস্থা কৰিছে প্ৰশাসনে ।
লগতে পঢ়কঃ বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ