নেশ্যনেল ডেস্ক, ১৮ জুন :প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা আৰ জে ডি দলৰ জ্যেষ্ঠ নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত বুধবাৰে ধৰা পৰিছে কোভিড-১৯ পজিটিভ । উল্লেখ্য যে, কিছুদিন আগৰ পৰাই কাঁহ আৰু জ্বৰত ভুগি থকাৰ পিছতে তেওঁক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মঙলবাৰে পাটনাস্থিত এইমছত ভৰ্তি কৰোৱা হয় । ইয়াৰ পিছতে শ্বাৱ পৰীক্ষাৰ ফলাফল হিচাপে তেওঁৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ - ৰঘুবংশ প্ৰসাদ সিঙ
বুধবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা আৰ জে ডি দলৰ জ্যেষ্ঠ নেতা ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ । কিছুদিন আগৰ পৰাই কাহ আৰু জ্বৰত ভুগি থকাৰ পিছতে তেওঁক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মঙলবাৰে পাটনাস্থিত এইমছত ভৰ্তি কৰোৱা হয় ৰাজনৈতিক নেতাগৰাকীক ।
![প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:33-7662271-324-7662271-1592445633403.jpg)
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ
এইমছৰ অধীক্ষকে ৭৫ বছৰীয়া ৰাজনৈতিক নেতাগৰাকীৰ স্বাস্থ্য সম্পৰ্কে কোনো বিশেষ মন্তব্য নকৰি তেওঁৰ নিয়মীয়া চিকিৎসা চলি আছে আৰু তেওঁ সুস্থিৰ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ
লগতে পঢ়ক: বিশ্বনাথত অস্ত্ৰসহ গ্ৰেপ্তাৰ চোৰাং চিকাৰী