অসম

assam

ETV Bharat / headlines

ৰাজস্থানত ঘোচ লৈ আটক চিকিৎসক আৰু কনিষ্ঠ অভিযন্তা - কনিষ্ঠ অভিযন্তা গম্পা প্ৰমোদ

বুধবাৰে ৰাজস্থানৰ ঝালাৱাড় আৰু বাৰান জিলাত ঘোচ লোৱা দুটা পৃথক ঘটনাক লৈ এজন চিকিৎসা কৰ্মী আৰু এজন কনিষ্ঠ অভিযন্তাক আটক কৰে আৰক্ষীয়ে । ঝালাৱাড়ত চিকিৎসা কৰ্মীজন হৰিগড় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু কনিষ্ঠ অভিযন্তাজন জয়পুৰ বিদ্যুৎ বিতৰণ নিগম লিমিটেডত কৰ্মৰত আছিল ।

ৰাজস্থানত ঘোচ লৈ আটক চিকিৎসক আৰু কনিষ্ঠ অভিযন্তা
ৰাজস্থানত ঘোচ লৈ আটক চিকিৎসক আৰু কনিষ্ঠ অভিযন্তা

By

Published : Jun 11, 2020, 2:10 PM IST

নেশ্যনেল ডেস্ক, ১১ জুন:ৰাজস্থানৰ ঝালাৱাড় আৰু বাৰান জিলাত ঘোচ লোৱা দুটা পৃথকে ঘটনাক লৈ বুধবাৰে এজন চিকিৎসা কৰ্মী আৰু এজন কনিষ্ঠ অভিযন্তাক আটক কৰে আৰক্ষীয়ে । ঝালাৱাড়ত চিকিৎসা কৰ্মীজনে হৰিগড় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (PHC)ত কৰ্মৰত হৈ থাকোতে স্বাস্থ্য কেন্দ্ৰটোৰ নাৰ্চৰ গোট এটাৰ পৰা ১২,০০০ টকাৰ ঘোচ লয় । জিলাখনৰ এ.এছ.পি. ভৱানীশংকৰ মীনাই এই কথা জানিবলৈ দিয়ে ।

তেওঁ কয় যে, চিকিৎসা কৰ্মী প্ৰদীপ শৰ্মাই সঞ্জয় মেহৰা নামৰ লোকজনৰ পৰা ১৫,০০০ টকাৰ মাননি বিচাৰিছিল যদিও অৱশেষত ১২,০০০ টকাৰ ঘোচত মান্তি হয় প্ৰদীপ শৰ্মা । মেহৰাই এই সন্দৰ্ভত প্ৰদীপ শৰ্মাৰ বিৰুদ্ধে ব্যুৰৰ সৈতে যোগাযোগ কৰি সোমবাৰে এখন এজাহাৰ দাখিল কৰে । বুধবাৰে এ.চি.বিৰ বিষয়ববীয়াই চিকিৎসা কৰ্মী শৰ্মাক ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় । উল্লেখ্য যে, বৃহস্পতিবাৰে চিকিৎসা কৰ্মী প্ৰদীপ শৰ্মাক অপৰাধ সন্দৰ্ভত কোটাৰ এ.চি.বি আদালতত তদন্ত জাৰি কৰোৱা হ'ব ।

ৰাজস্থানত ঘোচ লৈ আটক চিকিৎসক আৰু কনিষ্ঠ অভিযন্তা

আনহাতে, এ.চি.বিৰ আন এক বিষয়াই জনোৱা অনুসৰি, জয়পুৰ বিদ্যুৎ বিতৰণ নিগম লিমিটেড (JVVNL)ৰ কনিষ্ঠ অভিযন্তা এজনক মঙলবাৰে বাৰান জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাৰ নিৱাসী আৰু বাৰান জিলাৰ সমৰানিয়াত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত গম্পা প্ৰমোদক এ.চি.বি বিষয়াই নিজ আৱাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । অভিযন্তা প্ৰমোদে বিজুলী মিটাৰ সলনি কৰাৰ বাবদ ৰামকৃষ্ণ কিৰাড় নামৰ লোকজনৰ পৰা ১০,০০০ টকা ঘোচ লোৱাৰ কথা স্বীকাৰ কৰে । এই ঘটনা সন্দৰ্ভত কনিষ্ঠ অভিযন্তাজনক কোটাৰ এ.চি.বি আদালতত হাজিৰ কৰোৱা হ'ব ।

লগতে পঢ়ক: গুগলে মুকলি কৰিলে এন্ড্ৰইড 11ৰ প্ৰথমটো বেটা ভাৰ্চন

ABOUT THE AUTHOR

...view details